অসম

assam

ধীৰাজে গ্ৰহণ কৰিছে জীৱনৰ প্ৰত্যাহ্বান

By

Published : Nov 17, 2020, 3:08 PM IST

ৰঙিয়াৰ ধীৰাজ কলিতা নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ যুৱকগৰাকীয়ে লিখি উলিয়াইছে প্ৰায় 250 টা কবিতা আৰু কেইবাটাও গল্প। হাতেৰে কলম ধৰিব নোৱাৰা ধীৰাজে ম’বাইলতে লিখি গৈছে এটাৰ পিছত আনটো কবিতা ।

A physically handicape boy named dhiraj story rangia assam etv bharat news
ৰঙিয়াৰ মুৰাৰাৰ ধীৰাজ কলিতা

ৰঙিয়া,17 নৱেম্বৰ:নিৰাশাৰ মাজতে এক আশা ৷ জন্মৰ পৰাই বিশেষভাৱে সক্ষম হিচাপে পৰিচিত এগৰাকী 19 বছৰীয়া যুৱক ৷ যুৱকগৰাকীয়ে নিৰাশাৰ সন্মুখীন নহৈ অতিবাহিত কৰিছে সাধাৰণ জীৱন-যাপন ৷ ৰঙিয়াৰ মুৰাৰাৰ ধীৰাজ কলিতা নামৰ যুৱকগৰাকীয়ে হাঁহিমুখে আঁকোৱালি লৈছে বিশেষভাৱে সক্ষম যুৱকগৰাকীয়ে লিখি উলিয়াইছে 250 টা কবিতা আৰু কেইবাটাও গল্প । হাতেৰে কলম ধৰিব নোৱাৰা ধীৰাজে ম’বাইলতে লিখি গৈছে এটাৰ পিছত আনটো কবিতা । ফেচবুকত ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ধীৰাজৰ কবিতাসমূহে ।

বিশেষভাৱে সক্ষম এগৰাকী যুৱকৰ সাহিত্য চৰ্চা

পাঠকৰূপী ফেচবুক বন্ধুৰ প্ৰেৰণাত ধীৰাজে সৃষ্টি কৰিছে এটাৰ পিছত আনটো কবিতা আৰু গল্প ৷ কাৰ্টুন চাই আৰু গান শুনি ভাল পোৱা ধীৰাজৰ আদৰ্শ যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ ৷ প্ৰিয় শিল্পীগৰাকীক এবাৰ নিচেই কাষৰ পৰা লগ পাবলৈ আশা পুহি ৰাখিছে যুৱকগৰাকীয়ে ৷ জীৱন বাটৰ বাধা নেওচি সৃষ্টিশীল কামেৰে জীয়াই থকাৰ অদম্য ইচ্ছা আৰু মনোবল পুহি ৰখা ধীৰাজ আন দহজনৰ বাবে হৈ পৰিছে এক সুন্দৰ নিদৰ্শন ৷

লগতে চাওকঃসেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

ABOUT THE AUTHOR

...view details