বাইহাটা,30 ছেপ্তেম্বৰ: বাইহাটা চাৰিআলিৰ এগৰাকী আশীৰোৰ্ধৰ ব্যক্তি ৷ বয়সে হাৰ মনাব নোৱাৰা শালমৰা গাঁৱৰ এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত সৃষ্টি হৈছে গৃহসজ্জাৰ ভিন্ন সামগ্ৰী। অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিণীকান্ত শৰ্মাই সাজি উলিয়াইছে বিভিন্ন বাঁহ-বেতৰ সামগ্ৰী ।
বয়সে হাৰ মনাব নোৱাৰা এগৰাকী ব্যক্তি... - লক ডাউন
বয়সে হাৰ মনাব নোৱাৰা বাইহাটা চাৰিআলিৰ এগৰাকী ব্যক্তিৰ হাতৰ পৰশত সৃষ্টি হৈছে গৃহসজ্জাৰ ভিন্ন সামগ্ৰী । অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিণীকান্ত শৰ্মাই সাজি উলিয়াইছে বিভিন্ন বাঁহ-বেতৰ সামগ্ৰী ।

গৃহসজ্জাৰ ভিন্ন সামগ্ৰী নিৰ্মাণ
গৃহসজ্জাৰ ভিন্ন সামগ্ৰী নিৰ্মাণ
পূৰ্বে আজৰি সময়তহে সামগ্ৰী নিৰ্মাণ কৰা ব্যক্তিগৰাকীয়ে লক ডাউনৰ পিছৰ পৰা অধিক সামগ্ৰী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে ৷ ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন ধৰণৰ থাপনা,শৰাই,জাকৈ,টেবুল আদি নিৰ্মাণ কৰি নৱ প্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে ৷ উল্লেখ্য যে,ব্যক্তিগৰাকীক এই কাৰ্যত সহায়ৰ হাত আগবঢ়াই আহিছে নাতিয়েকে ৷
লগতে চাওকঃস্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ