কামৰূপ, 27 ফেব্ৰুৱাৰী:অমিনগাঁও চাৰি আলিৰ পৰা পুনৰ মহানগৰ মুখি হ'ব চিটি বাছ। দৌলগোবিন্দ মন্দিৰ আৰু বাইহাট চাৰিআলিত অতি সোনকালে হ'ব মহানগৰ বাছ আস্থান । লগতে বাইহাটা উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা । এনে বহুতো গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হ'ল অমিনগাঁৱত অনুষ্ঠিত পথ সুৰক্ষা সভাত ।
পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ - A new app lunch DC Kamal Kumer Baisya
অমিনগাঁও হ'ব গুৱাহাটী মহানগীৰৰ সংলগ্ন বাছ আস্থান । শৰাইঘাট দলংত বিপদজনক উভতনি যাত্ৰাৰ পৰা চিটি বাছক সকাহৰ প্ৰয়াস কামৰূপ পৰিবহণ বিভাগৰ । লগতে জিলা উপায়ুক্ত পৌৰোহিতত অনুষ্ঠিত সভাত পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই ৷
শুকুৰবাৰে কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ সন্মিলিত প্ৰচেষ্টাত পথ সুৰক্ষাৰ ওপৰত অনুষ্ঠিত সভাত পথ দুৰ্ঘটনাৰ কাৰক সন্দৰ্ভত আলোচনা হয় । জিলা উপায়ুক্ত পৌৰোহিতত অনুষ্ঠিত সভাত পৰিবহণ বিভাগৰ এক যোগাত্মক এপ মুকলি কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই । এই নতুন এপৰ জৰিয়তে জিলাৰ প্ৰতিটো বিভাগে নিমিষতে পৰিবহণ বা পথ দুৰ্ঘটনাজনিত খবৰ লাভ কৰিব । লগতে এই সভাত সন্মিলিত প্ৰচ্চেষ্টাৰে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ সংকল্প লয় কামৰূপ পৰিবহনৰ বিভাগৰ লগতে কামৰূপ জিলাৰ গৰকাপ্তানি, আবকাৰী, আৰক্ষীকে ধৰি বিভিন্ন বিভাগে ।