ৰঙিয়া, 12 আগষ্ট: ৰঙিয়াৰ বৰমুৰাত বুধবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । গছৰ পৰা পৰি এজন লোকে সাবটি ললে অকাল মৃত্যুক । লোকজনৰ নাম প্ৰহ্লাদ ডেকা বুলি জানিব পৰা গৈছে ।
ঘটনা অনুসৰি, লোকজনে গছ কাটিবলৈ গছত উঠিছিল যদিও দুৰ্ভাগ্যবশতঃ গছৰ পৰা পিছলি পৰে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে-লগে প্ৰহ্লাদক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।