ৰঙাপাৰা,৩১ অক্টোবৰ : ৰেলপথেৰে তীব্ৰ বেগত আহি আছে এখন ৰেল । ডেকাৰ গাঁৱৰ পৰা কামাখ্যালৈ আহি আছে ৰেলখন । কিন্তু হঠাত সংঘটিত হ'ল এটা অভাৱনীয় ঘটনা । ৰেলখন বিন্দুগুড়ী ষ্টেচন পাৰ হোৱাৰ সময়তে ৰেলপথৰ ওপৰত অৱস্থান কৰে প্ৰায় ২৫ টা বন্যহস্তীয়ে । হাতীৰ উপস্থিতি প্ৰত্যক্ষ কৰিছিল এজন গেটমেনে । শংকিত নহৈ ততাতৈয়াকৈ গেটমেন জনে যোগাযোগ কৰে বিন্দুগুড়ী ষ্টেচনৰ বিষয় ববীয়াৰ সৈতে । তাৰ পাছতে হাতীৰ জাকটো কিছু নিলগত ৰখাই দিয়া হয় ৰেলখন । যদি ৰেলখন ৰখোৱা নহল হেতেন, তেন্তে বহু কেইটা হাতী হয়টো মৃত্যু মুখত পৰিলেহেতেন । কিন্তু গেটমেন জনৰ বিচক্ষণতা আৰু পশু প্ৰেমৰ বাবেই হাতী জাকটো এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে ।
নিশ্চিত বিপদৰ পৰা প্ৰাণ ৰক্ষা এজাক হাতীৰ - বিন্দুগুড়ীত নিশ্চিত বিপদৰ পৰা প্ৰাণ ৰক্ষা এজাক হাতীৰ
ৰেল কৰ্মীৰ তৎপৰতাক শলাগ সচেতন মহলৰ ।
![নিশ্চিত বিপদৰ পৰা প্ৰাণ ৰক্ষা এজাক হাতীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4917274-thumbnail-3x2-p1.jpg)
নিশ্চিত বিপদৰ পৰা প্ৰাণ ৰক্ষা এজাক হাতীৰ
নিশ্চিত বিপদৰ পৰা প্ৰাণ ৰক্ষা এজাক হাতীৰ
ইয়াৰ পূৰ্বে মৌ-মাখিৰ গুণ গুণনিৰ দ্বাৰা হাতী খেদোৱাৰ চেষ্টাত সফল হোৱাৰ পাছত এইবাৰ পুনৰ এজন সাহসী আৰু সতৰ্ক ৰেলৱে কৰ্মীয়ে এইদৰে হাতীৰ জীৱন ৰক্ষা কৰি মহানুভৱতাৰ পৰিচয় দিছে । লোকজনৰ এই বিচক্ষণতাক শলাগ লৈছে সকলোৱে ।
TAGGED:
বিন্দুগুড়ী ষ্টেচন