বকো ,15 জুন :ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে বনাঞ্চল ধ্বংসযজ্ঞ ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে সৰবৰাহ হৈ আহিছে চোৰং কাঠ ৷ ৰাজ্য চৰকাৰে এইদৰে অবৈধভাৱে সৰবৰাহ কৰি অহা চোৰাং কাঠৰ বেহা বন্ধ কৰিবলৈ বন বিভাগক কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰিছে ৷ যাতে ৰাজ্যত এনেদৰে অবৈধ বনাঞ্চল ধ্বংস বন্ধ হোৱাৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীক কৰায়ত্ব কৰিব পাৰে ৷
তাৰমাজতে পোহৰলৈ আহিছে অসমৰ বন বিভাগত থকা এগৰাকী বনাঞ্চলিক বিষয়া নাম । যি গৰাকী বিষয়া অসমৰ বনাঞ্চল ধ্বংসৰ সমস্যাতকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বনাঞ্চল ধ্বংসক লৈ অধিক চিন্তিত । তেখেত হ’ল বকোস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফ আহমেদ । বিষয়া গৰাকীয়ে দিনে-নিশাই ব্যস্ত হৈ থাকে কেৱল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বনাঞ্চল ধ্বংস ৰোধৰ বাবে ।
বকোত এগৰাকী বন বিষয়া ব্যস্ত মেঘালয়ৰ পৰা অহা অবৈধ কাঠ জব্দ কৰাত সেয়েহে তেখেতে মেঘালয়ৰ গছৰ কুণ্ডা আনিলেই জব্দ কৰে গাড়ীসহ কাঠৰ কুণ্ডাসমূহ । একেদৰে সোমবাৰে নিশাও বকো হৈ হাহিমৰ পৰা মেঘালয় যোৱা পথটোত হাহিমৰ সমীপত এখন চোৰাং কাঠৰ কুণ্ডাভৰ্তি টাটা ডিআই জব্দ কৰে । বিষয়া গৰাকীয়ে জনোৱা মতে, কাঠখিনি আহিছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা । কিন্তু সম্প্ৰতি ক’ভিড পৰিস্থিতিক ফলত বন্ধ হৈ আছে অসম-মেঘালয় সীমান্ত ৷ তেন্তেস্থলত এইগৰাকী বনাঞ্চলিক বিষয়াই কিদৰে মেঘালয়ৰ পৰা অহা অবৈধ কাঠৰ কুণ্ডাভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হ’ল সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷
এতিয়া প্ৰশ্ন হৈছে যি গৰাকী বিষয়াই নিজে শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহত চলি থকা বনাঞ্চল ধ্বংস যজ্ঞৰ বিষয়ে একো ব্যৱস্থা গ্ৰহণ নকৰে ৷ কেৱল বহিঃৰাজ্যৰ পৰা অহা চোৰাং কাঠ ধৰাতহে ব্যস্ত থাকে ৷ তেনে বিষয়াই কিদৰে অসমত থকা বনাঞ্চলসমূহ ৰক্ষা কৰিব তাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় সচেতন মহলৰ লগতে প্ৰকৃতিপ্ৰেমী সকল ৷
লগতে পঢ়ক: যোৰহাটৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী কৰায়ত্ব