অসম

assam

ETV Bharat / state

নাতি হেৰুৱালে, এতিয়া ভয় পুত্ৰক হেৰুৱাৰ - victim of societal norms

ভুক্তভোগী পৰিয়ালটো আজি হৈ পৰিছে এঘৰীয়া ৷ যাৰ ঘৰত উদ্ধাৰ হৈছিল মৃতদেহ, সেইসকলৰ ভয়তে আজি সকলোৱে এৰিছে ভুক্তভোগী পৰিয়ালটোক ! সবিশেষ আগলৈ-

a family faces hardship after being casted away from society
সমাজৰ পৰা এঘৰীয়া

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:06 PM IST

Updated : Dec 7, 2023, 2:52 PM IST

সমাজৰ পৰা এঘৰীয়া

মিৰ্জা, 7 ডিচেম্বৰ :ভুল কি আছিল ? আত্মীয়ৰ মৃতদেহ তেওঁলোকৰ ঘৰত পৰি থকা অৱস্থাত স্বচক্ষে প্ৰত্যক্ষ কৰাটো ? বচ ইমানেই ! সেইয়াই কাল হ’ল পৰিয়ালটোৰ বাবে ৷ ভাবি আচৰিত লাগে, সমাজত এতিয়া 21 শতিকাতো কেনেকৈ কিছুমান মানুহে নিজ ক্ষমতাৰ বলত এনে ধৰণৰ মানসিক অত্যাচাৰ চলাব পাৰে ? সৎ সাহস থকা স্বত্বেও কোনো কিয় আগবাঢ়ি আহিব নোৱাৰে? দানবীয়তাৰ সীমা চেৰাই যোৱা প্ৰতিজনৰ আচৰণে সমাজৰ এচামক সঁচাই ভীতিগ্ৰস্ত কৰি ৰাখে ৷ বহু সময়ত প্ৰাণৰ মমতাতে বহু লোক মনে মনে থাকে ৷ কিন্তু এনেকে থাকিলে সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰিব ৷ সদলবলে সকলো মানুহ এনে দানৱৰ বিৰুদ্ধে থিয় হ’ব হ’ল ৷ আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল’ব লাগিব এনে শাসন নীতিক দমন কৰিবলৈ ৷ এই ঘটনাটো দক্ষিণ কামৰূপৰ, এটা সংবেদনশীল ঘটনা ৷

এইখন অসমৰে এটা অসহায় পৰিয়াল। ৰাইজে এঘৰীয়া কৰাৰ পিচত সকলো ধৰণে নিৰ্যাতিত হৈ এতিয়া ত্ৰাহি মধুসূধন দেখিছে পৰিয়ালটোৱে। অভিযোগ অনুসৰি, দক্ষিণ কামৰূপৰ ভোলাগাঁও বহুৱা ৰাইজৰ আক্ৰোশৰ বলি হৈ ৰেচন, বজাৰ, যাতায়ত আদিকে ধৰি সকলো ফালৰে পৰা বঞ্চিত হৈ হাহাকাৰ কৰিছে পৰিয়ালটোৱে। এইখন অসম মুলুকৰে মহানগৰীৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোলাগাওঁ বহুৱা ৰাইজে এঘৰীয়া কৰা এটি পৰিয়ালৰ কৰুণ গাঁথা।

এইগৰাকী অসহায় মাতৃয়ে এসাঁজ অন্নৰ বাবে, চিকিৎসাৰ বাবে আৰু পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে কেৱল কান্দিছে। হয়, ভোলাগাঁও বহুৱা ৰাইজৰ আক্ৰোশৰ বলি হৈছে এই পৰিয়ালটো । প্ৰায় তিনি বছৰ পূৰ্বে ৰাইজৰ সভাপতি চিৰাজ আলিৰ বাসগৃহৰ চৌহদত এই পৰিয়ালটোৰ এগৰাকী আত্মীয়ৰ মৃতদেহ উদ্ধাৰ হৈছিল । এই ঘটনাত চিৰাজ আলিৰ নাম সাঙোৰ খাই পৰাৰ লগতে তেওঁৰ তিনিগৰাকী আত্মীয় ৰঙা ঘৰৰ আলহী হৈছিল । এই ঘটনাৰ পিচৰে পৰাই মৃতকৰ পৰিয়ালটোক এঘৰীয়া কৰি ৰাখে সকলোৱে। গাঁওখনৰ কোনো লোকে এই পৰিয়ালটোক মাত বোল কৰিলেই দহ হাজাৰ টকা জৰিমনা ভৰিব লাগিব বুলি শাসন চলাইছে সভাপতি চিৰাজ আলিয়ে। যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয়সকলেও উপায়ন্তৰ হৈ সম্পৰ্ক এৰিছে ৷

আনহাতে বজাৰ সমাৰ কৰিবলৈও তেওঁলোকে গাঁৱৰ দোকানলৈ যাব নোৱাৰে। যিকোনো বিপদৰ সময়ত কোনো লোকৰে সঁহাৰি লাভ নকৰে পৰিয়ালটোৱে। আনকি সুলভ মূল্যৰ চৰকাৰী চাউলো বন্ধ কৰি দিয়া হৈছে । ৰাণী ভোলাগাঁও সমবায় সমিতিৰ কাৰ্যালয়ত কৰ্মৰত পৰিয়ালটোৰ যুৱক জব্বৰ আলিকো কোনো কাৰণ নোহোৱাকৈয়ে কামৰ পৰা অব্যাহতি দিয়া হৈছে । উক্ত গাঁওখনতে থকা প্ৰাথমিক বিদ্যালয়খনত ৰান্ধনী হিচাপে থকা কৰ্মৰত মাতৃগৰাকীকো হঠাতে কামৰ পৰা অব্যাহতি দিয়া হয়। আনকি সৰু পুত্ৰৰ গাঁৱতে থকা দোকানখনো বন্ধ কৰিবলগীয়া হয় ।

এতিয়া এসাঁজ অন্নৰ বাবেও হাহাকাৰ কৰিব লগা পৰিয়ালটোৱে কিহৰ অপৰাধত এইদৰে তালিবানী নিৰ্যাতন সহিব লগা হৈছে তাকলৈ প্ৰশ্নৰ উদয় হৈছে । তেওঁলোকৰ আত্মীয়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত ন্যায় বিচৰাটোৱেই অপৰাধ হ’ল নেকি এই পৰিয়ালটোৰ ? প্ৰকৃততে ভোলাগাঁওবাসীয়ে যুক্তিসংগতভাৱেই পৰিয়ালটোক এঘৰীয়া কৰিছে নে আক্ৰোশৰ বলি হৈছে তেওঁলোক ? আনহাতে কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো এঘৰীয়া কৰাৰ বাবে ন্যায় বিচাৰি আবেদন জনাইছে যদিও কোনো সঁহাৰি পোৱা নাই পৰিয়ালটিয়ে ৷

লগতে পঢ়ক :Allegation against Sankaradeva sangha : ডিব্ৰুগড়ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে এটা পৰিয়ালক !

Last Updated : Dec 7, 2023, 2:52 PM IST

ABOUT THE AUTHOR

...view details