বকো,3 জুন:কামৰূপৰ বকোৰ মাজমজিয়াত থকা এখন দৈনিক বজাৰে এতিয়া অঞ্চলটোত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, বজাৰখনত থকা মাছ, মাংস কটা দোকানৰ পৰা ওলোৱা লেতেৰা বস্তুবোৰ ভাল দৰে চাফ চিকুণ নকৰাৰ ফলতে অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ যাৰ ফলত অঞ্চলটোত মাখি, ম’হে আৱৰি বজাৰখন কৰ্দযময় ৰূপ ধাৰণ কৰিছে ৷
আনহাতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় শাক-পাচলি তথা বিভিন্ন খাদ্য সামগ্ৰীও এই বজাৰতে দৈনিক পোৱা যায় যদিও কোনেও বজাৰখনৰ পৰিস্কাৰ, পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।