ৰঙিয়া, 10 এপ্ৰিলঃৰাজ্যত মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুঁজৰ বাবে অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ভিন্নজনে । কিন্তু কৰ'ণাতংকই যেন প্ৰতিক্ৰিয়া কৰিলে ৰঙিয়াৰ এটি কণমানিৰো মনত । ৰঙিয়াৰ ফাতেমা কনভেণ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কেশৱ জাজডিয়াই, নিজৰ এটকা-দুটকাকৈ ৰখা সাঁচতীয়া ধন প্ৰদান কৰিলে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ । উদ্দেশ্য এটাই ! কোনো প্ৰকাৰে হ'লেও নিপাত যাওক কৰ'ণা ভাইৰাছ । কণমানিটোৱে নিজৰ পিগি বেংকৰ সাঁচতীয়া 10 হাজাৰ টকা, কৰ'ণাৰ চিকিৎসাৰ নামত প্ৰদান কৰিলে ৰঙিয়াৰ মহকুমাধিপতিৰ হাতত । কণমানিটোৰ এনে কাৰ্যৰ শলাগ লৈছে সকলোৱে ।
অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কণমানি কেশৱৰ 10 হাজাৰ টকাৰ অনুদান
ৰঙিয়াৰ ফাতেমা কনভেণ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কেশৱ জাজড়িয়াই, এটকা-দুটকাকৈ ৰখা সাঁচতীয়া ধন প্ৰদান কৰিলে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ।
a child from rangia donated ten thousand rupees to arogya nidhi