ছয়গাঁও,১৬ মাৰ্চ: মঙলবাৰে ছয়গাঁৱৰ মাজগুমীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । মাজগুমীৰ নিবাসী আইনাল আলীৰ ১১ বছৰীয়া পুত্ৰ আমিৰ আলীক এখন টেক্টৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় শিশুটি ৷
ছয়গাঁৱত টেক্টৰৰ খুন্দাত নিহত শিশু - অনুজ্ঞাপত্ৰ বিহীন টেক্ট্ৰৰ
ছয়গাঁৱৰ মাজগুমীত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ টেক্টৰৰ খুন্দাত নিহত হয় আমিৰ আলী নামৰ এটা এঘাৰ বছৰীয়া শিশু ৷

ছয়গাঁৱৰ মাজগুমীত টেক্টৰৰ খুন্দাত নিহত শিশু
শিশুটি উদমূৰীত ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে, অনুজ্ঞাপত্ৰবিহীন টেক্ট্ৰৰে অবৈধভাৱে ব্ৰহ্মপুত্ৰ নদীৰ পৰা বালি খান্দি লৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । স্থানীয় ৰাইজে আৰক্ষীক ইয়াৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক:অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ