ৰঙিয়া, 22 নৱেম্বৰ: এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ চৌহদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ দেওবাৰে বিষপান কৰি আত্মহত্যাৰ অপচেষ্টা কৰে বিছেন্নালা গাঁৱৰ উমেশ হালৈ (55) নামৰ এগৰাকী কৰ্মচাৰীয়ে ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ সহযোগত কৰ্মচাৰীজনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় ৰঙিয়াৰ পলিক্লিনিক হাস্পতালত ৷ পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত কৰ্মচাৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে, বিগত 28 বছৰ ধৰি এপ'ল মিলত কৰ্মৰত হৈ আছিল উমেশ হালৈ ৷ কিন্তু প্ৰায় 4 বছৰ ধৰি মিলটো বন্ধ হৈ থকাৰ ফলত চাৰি বছৰৰ পৰা দৰমহা লাভ কৰা নাই উমেশ হালৈয়ে ৷ ফলত পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হয় কৰ্মচাৰীগৰাকী ৷ যাৰ বাবে হালৈয়ে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাটোৰ পিছতে মিলটোৰ কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷