ৰঙিয়া, 22 অক্টোবৰ:ৰঙিয়াৰ দ্বাৰকুছিৰ সমীপৰ বৰখাটাত পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰ টকা। ধন লৈ দুৰ্বৃত্তই তামুলপুৰ অভিমুখে উধাও হয়। কেকেৰীকুছিৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰিংচাৰ ৰামচিয়াৰীয়ে মঙলবাৰে দুপৰীয়া ৰঙিয়া ষ্টেট বেংকৰ পৰা এক লাখ টকা উলিয়ায়। টকাখিনি উলিয়াই টেম্পোৰে ঘৰলৈ বুলি গৈ বৰখাটাত গাড়ীৰ পৰা নমাৰ লগে লগে ৰঙিয়াৰ দিশৰ পৰা যোৱা দুজন পালচাৰ আৰোহীৰ এজনে পিছফালৰ পকেটৰ পৰা ধনখিনি লৈ উধাও হয়। আকস্মিকভাৱে হোৱা ঘটনাত হতভম্ব হৈ পৰে যদিও পিছত লোকজনে তামুলপুৰ আৰক্ষী থানাত গোচৰ তৰে ।
ৰঙিয়াত দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰ টকা - 90 thousand money loot in rangia news
ৰঙিয়াৰ দ্বাৰকুছিৰ সমীপৰ বৰখাটাত সংঘটিত এই ঘটনা ৷ তামুলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ ৷ এই পৰ্যন্ত অপৰাধীক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷

90 thousand money loot in rangia
পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰকৈ টকা
ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে তামুলপুৰ থানাই । তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰঙিয়া ষ্টেট বেংকলৈ আহি যাৱতীয় তথ্য পাতি সংগ্ৰহ আৰম্ভ কৰিছে । লোকজনক ৰঙিয়াৰ বেংকৰ পৰাই দুৰ্বৃত্তই অনুসৰণ কৰিছিল নেকি সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷