বকো, 12 জুন:কেৰালাৰ কন্নুৰ জিলাৰ শ্ৰীকান্দাপুৰমৰ পৰা বাছেৰে আহি শুকুৰবাৰে বকোত উপস্থিত হয় ৯ জন যুৱক । বকো আৰক্ষীৰ তত্ত্বাৱধানত যুৱককেইজনক ততাতৈয়াকৈ পলাশবাৰীস্থিত পতঞ্জলী কোৱাৰান্টাইন কেন্দ্ৰলৈ স্বাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। স্বাৱ নমুনাৰ ফলাফল নোলোৱা পৰ্যন্ত তেওঁলোকক কোৱাৰান্টাইন কেন্দ্ৰত ৰাখিব বুলি জানিবলৈ দিয়ে । যুৱককেইজন শ্ৰীকান্দাপুৰমত কোম্পানীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। যুৱক কেইজন ক্ৰমে বকো থানাৰ অন্তৰ্গত মন্দিৰা এন চিৰ মনোৱাৰ হুছেইন (২৪), চিৰাজুল হক (২১), ১ নং মালিবাৰী পথাৰৰ ৰফিকুল ইছলাম (২১), হাফিজুৰ ৰহমান (২০), ৩ নং মালিবাৰী পথাৰৰ চিৰাজুল হক (২০), বলিয়ামাৰী গাঁৱৰ নুৰ মহম্মদ হুছেইন (১৯), মনিৰুল ইছলাম (২২), মহম্মদ আজিজুল ইছলাম (২১), চেইখ আব্দুল্লাহ (৩২)।
স্বাৱ পৰীক্ষাৰ বাবে বকোৰ ৯ জনক পতঞ্জলী কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ - স্বাৱ নমুনা
কেৰালাৰ পৰা বকোত উপস্থিত হয় ৯ জন যুৱক ৷ স্বাৱ নমুনাৰ ফলাফল নোলোৱা পৰ্যন্ত তেওঁলোকক কোৱাৰান্টাইন কেন্দ্ৰত ৰাখিব বুলি জানিবলৈ দিয়ে ।
![স্বাৱ পৰীক্ষাৰ বাবে বকোৰ ৯ জনক পতঞ্জলী কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ BOKO](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7585618-thumbnail-3x2-p.jpg)
স্বাৱ পৰীক্ষাৰ বাবে বকোৰ ৯ জনক পতঞ্জলী কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ
স্বাৱ পৰীক্ষাৰ বাবে বকোৰ ৯ জনক পতঞ্জলী কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ