অসম

assam

ETV Bharat / state

সমাগত নিৰ্বাচন : 9 গৰাকী দাবীদাৰ প্ৰাৰ্থীয়ে প্ৰচাৰ আৰম্ভ কৰিছে পলাশবাৰীত

সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈছে ৰাজ্যৰ ৰাজনীতি ৷ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত শাসকীয় দলৰ পৰা দাবী জনাইছে 9 গৰাকী প্ৰাৰ্থীয়ে ৷ ইতিমধ্যে, প্ৰাৰ্থী কেইগৰাকীয়ে টিকট পোৱাৰ আশাত বিভিন্ন মাধ্যমযোগে প্ৰচাৰ আৰম্ভ কৰিছে ৷

By

Published : Oct 31, 2020, 8:33 PM IST

9 Candidates Start Campaigning in Palashbari
বিজেপি নেতা অনুপ মেধীৰ প্ৰচাৰ

দক্ষিণ কামৰূপ, 31 অক্টোবৰ : সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈছে ৰাজ্যৰ ৰাজনীতি ৷ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ৰণডংকা বজাবলৈ প্ৰায় সক্ষম হৈছে ৷ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত শাসকীয় দলৰ পৰা টিকটৰ দাবী জনাইছে 9 গৰাকী প্ৰাৰ্থীয়ে ৷ ইতিমধ্যে, প্ৰাৰ্থী কেইগৰাকীয়ে টিকট পোৱাৰ আশাত বিভিন্ন মাধ্যমযোগে প্ৰচাৰ আৰম্ভ কৰিছে ৷

শনিবাৰে পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত এক গাড়ী ৰেলী যোগে প্ৰচাৰ চলাইছে বিজেপি নেতা অনুপ মেধীয়ে । গাঁৱে-ভূঞে প্ৰায় অৰ্ধ-শতাধিক বিভিন্ন ধৰণৰ সৰু-বৰ গাড়ীযোগে এক ৰেলী উলিয়াই বিজেপি নেতা অনুপ মেধীয়ে । ইফালে, বিভিন্ন অঞ্চলত সভা পাতি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতাগৰাকী ।

লগতে পঢ়ক :আনুষ্ঠানিকভাৱে মুখ্য সচিবৰ দায়িত্ব ল’লে জিষ্ণু বৰুৱাই

ABOUT THE AUTHOR

...view details