অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই - Thailand bodybuilding competition

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ 9 গৰাকীকৈ সন্তানে ৷ ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBF য়ে থাইলেণ্ডত অনুষ্ঠিত কৰা ‘‘মিষ্টাৰ ইউনিভাৰ্ছ’’ প্ৰতিযোগিতা অংশ ল’ব অসমৰ শৰীৰচৰ্চাবিদ কেইগৰাকীয়ে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই

By

Published : Nov 29, 2019, 8:51 AM IST

স্পৰ্টছ ডেস্ক, 29 নৱেম্বৰ:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজলাবলৈ ৰাওনা অসমৰ 9 গৰাকী শৰীৰচৰ্চাবিদ । অহা 30 নৱেম্বৰৰ পৰা থাইলেণ্ডত ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBF য়ে অনুষ্ঠিত কৰা‘‘মিষ্টাৰ ইউনিভাৰ্ছ’’প্ৰতিযোগিতাত অংশ ল’ব অসমৰ 9 গৰাকী শৰীৰচৰ্চাবিদে ।

ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা 15 জনীয়া দল এটাই বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হয় । য’ত দলটোৰ মুঠ 9 গৰাকীকৈ শৰীৰচৰ্চাবিদে অংশ ল'ব এই প্ৰতিযোগীতাত । ইয়াৰ ভিতৰত আছে ক্ৰমে দীপ জ্যোতি বড়ো, অম্লান জ্যোতি ৰাভা, বিজুৰাম বড়ো, অতনু বৰুৱা, ভাস্কৰ জ্যোতি বৰুৱা, মনজিৎ পাল, প্ৰসেনজিৎ কৰ্মকাৰ, মৃণাল ঠাকুৰীয়াআৰু ৰাহুল কলিতা৷ দলটোৰ তত্ত্বাৱধানত থাকিব ফেডাৰেচনৰ অসম শাখাৰ সদস্য ।

ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ 9 গৰাকীকৈ অসম সন্তানে

বৰঝাৰ বিমানবন্দৰৰ পৰা দলটো ৰাওনা হোৱাৰ সময়ত বিভিন্ন দল- সংগঠনে সম্বৰ্ধনা জনাই শুভেচ্চা জ্ঞাপন কৰে । আশা কৰা হৈছে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ লগতে অসমৰ বিজয়ধব্বজা উজলাবলৈ সক্ষম হ’ব এই কেইগৰাকী অসম সন্তানে ।

লগতে চাওক- গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ‘‘খেল’ ইণ্ডিয়া 2020’’

ABOUT THE AUTHOR

...view details