২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ
30 হাজাৰৰো অধিক কৰ্মীৰ উপস্থিতিৰে আমগুৰিত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ দেওবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷
কেমেৰাত বন্দী ঢেকীয়াপটীয়া বাঘৰ দৃশ্য
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত ঢেকীয়াপটীয়া বাঘৰ বিচৰণৰ বিৰল দৃশ্য বন্দী হ'ল বন বিভাগৰ কেমেৰাত ৷ সাধৰণতে ঢেকীয়াপটীয়া বাঘ ঘন অৰণ্যত থাকে যদিও কাজিৰঙাত ঢেকীয়াপটীয়া বাঘক কেমেৰাত আৱদ্ধ কৰাটো ইমান সহজ নাছিস ইয়াৰ পূৰ্বে ৷ কিন্তু এইবাৰ কেমেৰাৰ সন্মুখত নিজে ধৰা দিলে এটা ঢেকীয়াপটীয়া বাঘে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা এই ভিডিঅ'টোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি
আমগুৰিত মেচাৰ্চ আইৰিন হেল্থ কেয়াৰ' নামেৰে মুকলি কৰা হয় এটা আন্তৰাষ্ট্ৰীয় থেৰাপি প্ৰতিষ্ঠান ৷ 'ভিগেন ইণ্ডিয়া'ৰ দ্ধাৰা মুকলি কৰা হয় এই শাখাটো ৷ শাখাটো মুকলি কৰে ভিগেন ইণ্ডিয়াৰ বিষয়া ৰেৱ বৰুৱাই ৷
কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পালন
কোকৰাঝাৰৰ বডোফা নগৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পালন ৷ উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোক ৷
ব্ৰাজিলত বিমান দুৰ্ঘটনা: নিহত 5 জন
এক সংবাদ সূত্ৰই জনোৱা মতে,ট'কান্টিনেনচ্ এভিয়েচন এছোচিয়েচনৰ ফুটবলৰ এটা দল কঢ়িয়াই নিয়া বিমানখন অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় ৷ বিমান খনত দলটোৰ চাৰিজন খেলুৱৈ ক্ৰমে লুকাচ প্ৰাক্সেডেচ,গুইলহেৰমে ন'ই, ৰাণুলে আৰু মাৰ্কাচ মলিনৰি আছিল ৷ কিন্তু বিমানখন অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ৷