বাইহাটা,26অক্টোবৰঃ 700 বছৰীয়া পুৰণি পৰম্পৰা ৰক্ষা কৰি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিংগলেশ্বৰ দেৱালয়ত উদযাপন কৰা হ'ল পচলা উৎসৱ ৷ দেওবাৰে নৱমীৰ উপলক্ষে দেৱালয়ৰ প্ৰাংগণত দুটা পক্ষৰ মাজত কল গছৰ টুকুৰা তথা পচলা দলিওৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ লোক বিশ্বাস অনুসৰি ৰজা শিৱ সিংহৰ দিনৰ পৰাই এই দেৱালয়খনত চলি আহিছে পচলা উৎসৱ অথবা ৰণচণ্ডী উৎসৱৰ এই পৰম্পৰা ৷
পিংগলেশ্বৰ দেৱালয়ত উদযাপন 700 বছৰীয়া পুৰণি পচলা উৎসৱ - ৰণচণ্ডী উৎসৱ
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিংগলেশ্বৰ দেৱালয়ত উদযাপন কৰা হ'ল পচলা উৎসৱ ৷ দেওবাৰে নৱমীৰ উপলক্ষে দেৱালয়ৰ প্ৰাংগণত দুটা পক্ষৰ মাজত কল গছৰ টুকুৰা তথা পচলা দলিওৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ লোক বিশ্বাস অনুসৰি ৰজা শিৱ সিংহৰ দিনৰ পৰাই এই দেৱালয় খনত চলি আহিছে এই পৰম্পৰা ৷
পিংগলেশ্বৰ দেৱালয়ত উদযাপন 700 বছৰীয়া পুৰণি পচলা উৎসৱ
পূজাৰ সময়ত হোৱা বলিৰ বাবে ব্যৱহৃত কলৰ সৰু সৰু টুকুৰাৰে ইটোৱে আনটো পক্ষক আক্ৰমণ কৰাৰ পিছতে দুটা ফৈদৰ মাজত অনুস্থিত হয় বাঁহ টনা প্ৰতিযোগিতা । দুৰ্গা পূজাৰ সময়ছোৱাত অসমত হোৱা এই ব্যতিক্ৰমী পৰম্পৰাই বাৰুকৈয়ে অসমবাসী ৰাইজক বছৰ বছৰ ধৰি আকৰ্ষণ কৰি আহিছে ৷
লগতে পঢ়কঃবিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?