অসম

assam

ETV Bharat / state

৭০ ফুট উচ্চতাৰ ৰাৱণ : উত্তৰ গুৱাহাটীৰ দশেৰা উৎসৱ - এমাহ ধৰা কষ্টৰ অন্তত নিৰ্মাণ কৰি তোলা হৈছে ৰাৱণ

উত্তৰ গুৱাহাটীত দশেৰা উৎসৱ পালনৰ বাবে ৭০ ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ ইয়াৰোপৰি দশেৰাৰ বাবে যোগাৰ কৰা হৈছে লক্ষাধিক টকাৰ আতচবাজি ।

৭০ ফুট উচ্চতাৰ ৰাৱণ

By

Published : Oct 8, 2019, 2:28 PM IST

গুৱাহাটী, 8 অক্টোবৰ : উত্তৰ গুৱাহাটীত দশেৰা উৎসৱ পালনৰ বাবে ৭০ ফুট উচ্চতাৰ ৰাৱন দাহ কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ইয়াৰোপৰি দশেৰাৰ বাবে যোগাৰ কৰা হৈছে লক্ষাধিক টকাৰ আতচবাজি । উত্তৰ গুৱাহাটী মধ্যমখণ্ড দুৰ্গা পূজাৰ দশেৰাৰ মূল আকৰ্ষণ হৈ পৰা ৭০ ফুট উচ্চতাৰ এই ৰাৱণ নিৰ্মাণ কৰি উলিয়াইছে উদীয়মান যুৱশিল্পী ৰমেন বৰুৱাই ৷

উত্তৰ গুৱাহাটীত ৭০ ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী

উল্লেখ্য যে, যোৱা এমাহ ধৰা কষ্টৰ অন্তত নিৰ্মাণ কৰি তোলা 70 ফুট উচ্চতাৰ এই ৰাৱণ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে থাৰ্মকল, ঢাৰি, কাগজ, আঠা আৰু বাঁহ । প্ৰায় ৭০ হাজাৰ টকা ব্যয় সাপেক্ষে ৰাৱণ নিৰ্মাণ কৰি উলিয়াইছে কমিটিয়ে ।

ৰাৱণ দহনৰ উপৰি সন্ধিয়ালৈ আমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details