সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি:
অভয়াকুটিৰ লোমহৰ্ষক হত্যাকাণ্ড (Murder)ৰ অন্যতম অভিযুক্ত ফৰিজুল ৰহমান গুলীবিদ্ধ ৷ আৰক্ষীক আক্ৰমণ কৰি বুধবাৰে নিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অভিযুক্তজন ৷ সম্প্ৰতি ধৃত ফৰিজুল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Fakhruddin Ali Ahmed Medical College Hospital)ত চিকিৎসাধীন বুলি আৰক্ষীয়ে সদৰি কৰে ৷
শেহতীয়াকৈ নিবিদা গ্ৰহণ নকৰাকৈয়ে অসম ৰাজ্যিক পৰিবহণ নিগমে(Assam State Transport Corporation) ৰাজ্যৰ কেইবাটাও পৰিবহণ নিগমৰ বাছ আস্থানত ১৮ টা পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উদ্দেশ্যি বিজেপি নেতা ৰমেন ডেকাৰ টুইট ।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)য়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যায়ণ প্ৰণালী (Assessment Formula) দাখিল কৰাৰ সম্ভাৱনা আছে ৷ বিশেষজ্ঞৰ 12 জনীয়া সমিতিৰ প্ৰতিবেদনৰ আধাৰত প্ৰস্তুত কৰা মূল্যাংকন চৰ্ত চলিত সপ্তাহত মুকলি কৰাৰ সম্ভাৱনা থকা বুলি CBSEৰ জ্যেষ্ঠ বিষয়াসকলে আশা প্ৰকাশ কৰে ৷
বিদ্যুৎ বিভাগত নিয়োজিত হৈ থকা মিটাৰ ৰিডাৰ সকলক শীঘ্ৰে চাকৰিৰ পৰা বহিষ্কাৰ কৰি নতুন নিযুক্তি প্ৰদানৰ দাবী বিধায়ক মৃণাল শইকীয়াৰ ৷ বিদ্যুৎ বিভাগত নিয়োজিত হৈ থকা মিটাৰ ৰিডাৰ সকলৰ কামৰ গাফিলতিৰ বাবে সাধাৰণ জনতা বিপাঙত পৰাৰ অভিযোগ মৃণাল শইকীয়াৰ ৷
কন্যালৈ পিতৃৰ অফুৰন্ত মৰম । কন্যাৰ ভৱিষ্যতৰ বাবে সকলো কৰিবলৈ সাজু পিতৃ । শেহতীয়াকৈ এনে এজন পিতৃৰ এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কন্যাই অনলাইনযোগে পাঠ(ONLINE CLASS) গ্ৰহণ কৰি আছে । কিন্তু প্ৰচণ্ড বৰষুণৰ মাজতে ইণ্টাৰনেটৰ সংযোগ স্থাপনৰ বাবে বাহিৰলৈ ওলাই আহিবলগীয়া হ'ল । তেনে সময়তে হাতত ছাতি লৈ পাঠদান শেষ নোহোৱা পৰ্যন্ত কন্যাৰ কাষতে ৰৈ থাকিল পিতৃ ।
আজি 17 জুন ৷ অৰ্থাৎ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 118 তম জন্মবাৰ্ষিকী ৷ 1903 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত কিৰণময়ী আগৰৱালা আৰু পৰমানন্দ আগৰৱালাৰ ঘৰত জন্মলাভ কৰিছিল ৰূপকোঁৱৰে ৷
বঢ়মপুৰত মাইক্ৰ’ ফাইনেন্স(Micro Finance loan)ৰ লোণ সম্পৰ্কে মহিলাৰ প্ৰতিবাদ । নিৰ্বাচনৰ পূৰ্বে একেজন নেতাই বিত্তীয় ঋণ ৰেহায়ৰ সন্দৰ্ভত ৰাজ্যৰ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচন পিচত চৰ্ত সাপেক্ষেহে প্ৰদান কৰা হ'ব বুলি কৰা মন্তব্যত প্ৰতিবাদমুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকল ।
টীয়কৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে গৌৰৱ কঢ়িয়াই আনিলে ৰাজ্য তথা দেশলৈ ৷ আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি পালে টীয়কৰ কংকণ কিশোৰ দত্ত সহ ৰাজ্যৰ আন তিনি গৰাকী কৃতি শিক্ষকে ৷
বাঘজান ঘটনাৰ কথা আপোনাক কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । যি ঘটনাই কেৱল দেশতে নহয় বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । আৰ্থিক হিচাপত বাঘজান কাণ্ডৰ ক্ষতিৰ পৰিমাণ হৈছে ২৫ হাজাৰ কোটি টকা । এই ক্ষতি পূৰণ এদিন হ'লেও পূৰণ হ'ব কিন্তু পৰিৱেশ তথা জীৱকূলৰ যি ক্ষতি হৈছে সেয়া পূৰণ হোৱাটো সম্ভৱনে ! আপুনি শুনি আচৰিত হ'ব, ৫৫ শতাংশ জৈৱ বৈচিত্ৰ ধ্বংস হৈছে ভয়ংকৰ বাঘজান কাণ্ডত । মৃত্যু হৈছে প্ৰায় ২৯ হাজাৰ সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰজাতিৰ প্ৰাণীৰ ।
নিবিদা প্ৰক্ৰিয়াৰে লাভ কৰা গুৱাহাটী মহানগৰৰ নলা-নৰ্দমা নিষ্কাসনৰ কাম বাতিলৰ বাবে সংবাদমেলত সৰৱ সদৌ গুৱাহাটী পৌৰ নিগম ঠিকাদাৰ সন্থা। নিগম কৰ্তৃপক্ষই পলমকৈ দিলে ৱৰ্ক অৰ্ডাৰ। কোনো ধৰণৰ মেজাৰ্মেণ্ট নকৰাকৈ নিগম কৰ্তৃপক্ষই এমাহতে বাতিল কৰিলে নিবিদা প্ৰক্ৰিয়াৰে লাভ কৰা নলা-নৰ্দমা পৰিষ্কাৰৰ কাম ।