অসম

assam

ETV Bharat / state

ধনৰ লোভত পৰি নিলম্বন হ’ল 7 গৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী - বিজুলী ভৱনতো অভিযোগ দাখিল

ভুৱা তথ্য যোগানেৰে ধন সৰকোৱাৰ অভিযোগত ৰঙিয়াত বিদ্যুৎ বিভাগৰ পৰা নিলম্বন কৰা হৈছে ৭ গৰাকী কৰ্মচাৰীক ৷ লগতে আটাই কেইগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে পৃথক পৃথক গোচৰ ৷

7-electricity-department-employees-suspended-in-rangia
ৰঙিয়াত বিদ্যুৎ বিভাগৰ ৭ গৰাকী কৰ্মচাৰীক নিলম্বন

By

Published : Aug 10, 2021, 10:36 PM IST

ৰঙিয়া,10 আগষ্ট : বেছিকৈ মুখ মেলিলে কোৱাৰি ফাটে বুলি অসমীয়াত এষাৰ কথা আছে ৷ অধিক আশা কৰিলে কেতিয়াবা বাৰুকৈয়ে লোকচানৰ সন্মুখীন হ’ব লগীয়া হয় ৷ তেনে এক ঘটনা সংঘটিত হৈছে ৰঙিয়াত ৷ সাত গৰাকীকৈ চৰকাৰী চাকৰিয়ালে চালাকী কৰিবলৈ গৈ চাকৰিৰ লগতে হেৰুৱালে সন্মান ৷

ভুৱা চিকিৎসা ব্যয় দাবী(medical claim)কৰি ধন জমা কৰাৰ অপৰাধত ৰঙিয়াত বিদ্যুৎ বিভাগৰ কণিষ্ঠ অভিযন্তা সহ 7 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিছে বিভাগে ৷ লগতে আটাইকেইগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত জামিন বিহীন গোচৰ ৰুজু কৰা হৈছে ৷ ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ সহকাৰী মহা প্ৰৱন্ধক দিগন্ত ডেকাৰ এজাহাৰৰ ভিত্তিত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ৰঙিয়াত বিদ্যুৎ বিভাগৰ ৭ গৰাকী কৰ্মচাৰীক নিলম্বন

মহা প্ৰৱন্ধক গৰাকীয়ে এই সন্দৰ্ভত বিজুলী ভৱনতো অভিযোগ দাখিল কৰিছে ৷ বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰি তৎকালীনভাৱে নিলম্বন কৰা হৈছে কৰ্মচাৰী কেইগৰাকীক ৷

উল্লেখ্য যে, 4 লাখ টকাৰ পৰা প্ৰায় 11 লাখ টকা লৈকে চিকিৎসাৰ নামত ভুৱা medical claim কৰি জমা কৰিছিল আঠ গৰাকী কৰ্মচাৰীয়ে ৷ তাৰ পিছতে ঘটনাত জড়িত থকাৰ অপৰাধত বিভাগে চাকৰিৰ পৰা নিলম্বন কৰিছে 2 নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, চাৰিগৰাকী লাইন মেন, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ মুখ্য সহকাৰী উমেশ দাস আৰু 2 নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মণক ৷

লগতে তেওঁলোকৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰিছে বিদ্যুৎ বিভাগে ৷ জানিব পৰা মতে, আৰক্ষী থানাত 420,409, 468 আৰু 471 নম্বৰৰ ধাৰাত চাৰিটাকৈ গোচৰ ৰুজু কৰা হৈছে ৷

চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এনেদৰে প্ৰায় 45 লাখ টকাৰ ভুৱা বিল জমা কৰি চৰকাৰৰ পৰা টকা সৰকাব বিচৰাৰ পিছত শক্তিমন্ত্ৰী বিমল বৰাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ! এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়কঃআৰক্ষীৰে গিজগিজাই থকা মহানগৰীত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details