অসম

assam

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

By

Published : Jul 24, 2019, 10:10 PM IST

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ ৷ ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে এনে খবৰে পুনৰ বানে সংহাৰী ৰূপ লোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

গুৱাহাটী,24জুলাইঃ ৰাজ্যত পুনৰ জটিল হ'ব পাৰে বান পৰিস্থিতি ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ ৷ ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে এনে খবৰে পুনৰ বানে সংহাৰী ৰূপ লোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

উল্লেখ্য যে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটী আৰু দাতিকাষৰীয়া অঞ্চলসমূহৰ লগতে অসমৰ বিভিন্ন ঠাই আৰু মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । লগতে এই বৰষুণ ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ হোৱাৰ সম্ভাৱণা আছে বুলি মত প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details