কামৰূপ, 21 এপ্ৰিল :ৰাজ্যৰ লগতে কামৰূপ জিলাটো ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলাখনত বৰ্তমানলৈকে 511 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত সকলৰ 90 শতাংশ ত্ৰিশ বছৰ অনুৰ্ধৰ বুলি জানিব পৰা গৈছে ৷
কামৰূপ জিলাত 511 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত কামৰূপ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, কামৰূপ জিলাত বৰ্তমানলৈকে ৭৬,৬৫৯ গৰাকীৰ ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে জিলাখনত দৈনিক চাৰি হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷
আক্ৰান্ত সকলৰ 26 গৰাকীক শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে বাকী সকলৰ বাবে হোম আইচ'লেচনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে কামৰূপ জিলা স্বাস্থ্য বিভাগে ৷
ইফালে, ৰঙিয়া ৰে'ল ষ্টেচনত যোৱা 24 ঘণ্টাত দুজনকৈ যাত্ৰীৰ দেহত ক'ভিড-19 ৰ উপস্থিতি পোৱা গৈছে ৷ লোক দুজনৰ নাম হৰিবিন্দৰ সিং আৰু অনিল সিং ৷ যাত্ৰী দুগৰাকী ব্ৰহ্মপুত্ৰ মেইলত আহিছিল ৷ দুয়োজনকে শিঙিমাৰি ক'ভিড হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ক'ভিড ১৯ সম্পৰ্কে বৈঠক ডিব্ৰুগড়ৰ উপায়ুক্তৰ