অসম

assam

By

Published : Feb 27, 2021, 2:30 PM IST

ETV Bharat / state

500 ফুট দলীয় পোষ্টাৰেৰে চমক সৃষ্টি হাজোত

শনিবাৰৰ পৰা হাজোত ধাৰাবাহিকভাৱে হাতত লোৱা হৈছে নিৰ্বাচনী কাৰ্যসূচী ৷ হাজাৰ হাজাৰ দলীয় সমৰ্থক কৰ্মীক লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে দুলু আহমেদে ৷ 500 ফুট দলীয়া পোষ্টাৰে চমক সৃষ্টি কৰিছে হাজোত ৷ হাজোৰ পদপথত অসম জাতীয় পৰিষদৰ সমৰ্থকে উলিয়াইছে পদ যাত্ৰাৰ কাৰ্যসূচী ৷

500ফুট দলীয়া পোষ্টাৰে চমক সৃষ্টি হাজোত
500ফুট দলীয়া পোষ্টাৰে চমক সৃষ্টি হাজোত

হাজো,27 ফেব্ৰুৱাৰীঃবহু অপেক্ষাৰ অন্তত শুকুৰবাৰে ঘোষণা হ’ল অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ৷ তাৰ পাছতেই এতিয়া সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বাদ পৰি ৰোৱা নাই ন কৈ ৰাজনৈতিক পথাৰত খোজ পেলোৱা অসম জাতীয় পৰিষদো ৷ হাজোত 500 ফুট দলীয়া পোষ্টাৰ লগাই চমক দিছে দুলু আহমেদে ৷

শনিবাৰৰ পৰা হাজোত ধাৰাবাহিক ভাৱে হাতত লোৱা হৈছে নিৰ্বাচনী কাৰ্যসূচী ৷ হাজাৰ হাজাৰ দলীয় সমৰ্থক কৰ্মীক লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে দুলু আহমেদে ৷ হাজোৰ পদপথত অসম জাতীয় পৰিষদৰ সমৰ্থকে উলিয়াইছে পদ যাত্ৰাৰ কাৰ্যসূচী ৷

500ফুট দলীয়া পোষ্টাৰে চমক সৃষ্টি হাজোত

প্ৰাপ্ত তথ্য অনুসৰি, হাজোত অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ মন মেলিছে কিৰিপ চলিহাই ৷ কিন্তু কিৰিপ চলিহাই হাজোত জয় লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে দুলু আহমেদে ৷ 2021ৰ অসম বিধান সভাৰ নিৰ্বাচনত কেৱল অসম গণ পৰিষদ জিলিকি উঠিব বুলি মন্তব্য কৰে দুলু আহমেদে ৷

লগতে পঢ়কঃমুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

ABOUT THE AUTHOR

...view details