গুৱাহাটী, ১২ এপ্ৰিলঃ গুৱাহাটী বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৫ গাড়ী চোৰক । দুখন গাড়ী লগতে বহু আপত্তি জনক নথি-পত্ৰ উদ্ধাৰ ।
বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী চোৰ - গাড়ী চোৰ
আৰক্ষীৰ অনুসন্ধানত আন এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰী, মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন গাড়ীচোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী
উল্লেখ্য যে, মেঘালয়ৰ পৰা গুৱাহাটী আই আই টি লৈ চুইফট ডিজায়াৰ এখন ভাড়া কৰি আনিছিল দুজন লোকে, কিন্তু গন্তব্য স্থান পোৱাতো চালকক গাড়ীখন ৰখাবলৈ নিদি অন্য দিশলৈ বলপূৰ্বকভাৱে লৈ যাবলৈ দাবী কৰ । ইয়াৰ পিচতে চালক আৰু ভাড়া কৰি অনা দুয়োজন লোকৰ মাজত হতাহতি হোৱাত চালকজনে গাড়ীখন এৰি ,পলাই গৈ বাইহাটা আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে । লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । আনহাতে গাড়ীখনত লগাই থোৱা আছিল জি পি এছ। আৰক্ষীয়ে জিপিএছৰ তথ্যৰ ভিত্তিত বৰাগাঁওৰ পৰা গাড়ী সহিতে ৰূপক ডেকা আৰু জাকিৰ নামৰ দুৰ্বৃত্ত দুজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত গাড়ীচোৰ কেইজনে স্বীকাৰ কৰে যে আগতেও গাড়ীচোৰৰ লগত জড়িত থকাৰ কথা । আৰক্ষীৰ অনুসন্ধানত আন এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰী, মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন গাড়ীচোৰক আটক কৰিবলৈ সক্ষম হয় । ইতিমধ্যে দুৰ্বৃত্ত কেইটাক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।