বকো, 15 ছেপ্টেম্বৰ: কামৰূপৰ বকো ছমৰীয়াৰ এখন বিদ্যালয়ত সংঘটিত হৈছে মধ্যাহ্ন ভোজন খাদ্যত বিষক্ৰিয়াজনিত ঘটনা (Food poisoning in Boko) । মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হৈ পৰে বিদ্যালয়খনৰ প্ৰায় ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী (Mid Day Lunch in Assam) । বকো ছমৰীয়াৰ পুঠিমাৰী শালমাৰা আঞ্চলিক অনুসূচীত মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই বিষক্ৰিয়াজনিত ঘটনা (Food poisoning at a school in Kamrup) । বুধবাৰে দুপৰীয়া বিদ্যালয়ত কণী, দাইল, ভাত খাই অসুস্থ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৷
তেওঁলোকক লগে লগে ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে তিনিগৰাকী ছাত্ৰীৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰে । তেওঁলোকক ততাতৈয়াকৈ ছমৰীয়া স্বাস্থ্যকেন্দ্ৰৰ পৰা বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । ছাত্ৰীকেইগৰাকী ক্ৰমে বৰ্ষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীল বুলি জানিব পৰা হৈছে । নিশা তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷