অসম

assam

লোকে লোকাৰণ্য দৌল গোবিন্দ

By

Published : Mar 22, 2019, 3:49 PM IST

ঐতিহাসিক দৌল গোবিন্দ মন্দিৰত ১৭ লাখ টকাৰ বাজেটেৰে ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ৷

দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ

উত্তৰ গুৱাহাটী,২২মাৰ্চ: উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ ৷ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল উৎসৱৰ তৃতীয় দিনা হোলী গীত, আয়তীৰ নাম প্ৰসংগৰ মুখৰিত হৈ পৰে দৌল গোবিন্দ মন্দিৰৰ চৌহদ ।

দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱ

উল্লেখ্য যে এই বৰ্ষত ঐতিহাসিক দৌল গোবিন্দ মন্দিৰত ১৭ লাখ টকাৰ বাজেটেৰে ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে । উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ঐতিহাসিক মন্দিৰটোত ভিৰ কৰিছে ৷

ABOUT THE AUTHOR

...view details