বকো,10ফেব্ৰেুৱাৰী :মংগলবাৰে নিশা বকোৰ উলুপাৰা আৰু পুখুৰীপাৰত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰা হয় ৷ বকো আৰু বন্দাপাৰা বন বিভাগৰ লোকে অভিযান চলাই জব্দ কৰে কুণ্ডাখিনি । প্ৰায় ৩০০ টা কুণ্ডা জব্দ কৰে বন বিভাগে । বনাঞ্চলৰ পৰা শাল গছ কাটি কুণ্ডাবোৰ মজুত কৰি ৰাখিছিল বুলি প্ৰকাশ কৰে বন বিভাগৰ লোকে ৷
বকোত জব্দ ৩০০ টা শাল গছৰ কুণ্ডা
বকো আৰু বন্দাপাৰা বন বিভাগৰ লোকে অভিযান চলায় বকোৰ উলুপাৰা আৰু পুখুৰীপাৰৰ পৰা জব্দ কৰা হয় প্ৰায় ৩০০ টা শাল গছৰ কুণ্ডা ৷
বকোত জব্দ ৩০০ টা শাল গছৰ কুণ্ডা
উল্লেখ্য যে,পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাত দীৰ্ঘ দিন ধৰি চলি আছে এই বন ধ্বংস কাৰ্য । বন বিভাগৰ ছত্ৰ-ছায়াতে এনেবোৰ কাৰ্য সংঘটিত হৈ আহিছে বুলি একাংশ লোকে মন্তব্য কৰে ৷
অন্য এক খবৰৰ বাবে: মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস