বাইহাটা চাৰিআলিত জব্দ বৃহৎ পৰিমাণৰ কাঠ
কৰিমগঞ্জৰ পৰা পঞ্জাৱ অভিমুখী ট্ৰাক তিনিখনে ধুবুৰী লৈ বৃহৎ পৰিমাণৰ কাঠৰ বিট খিনি সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ ৷
কামনৰূপ, 2 চেপ্তেম্বৰঃ বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ কাঠৰ বিট জব্দ ৷ বাইহাটা চাৰিআলি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে কাঠৰ বিট ভৰ্তি তিনিখন ট্ৰাক । কৰিমগঞ্জৰ পৰা পঞ্জাৱ অভিমুখী ট্ৰাক তিনিখনে ধুবুৰী লৈ বৃহৎ পৰিমাণৰ কাঠৰ বিট সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। কিন্তু ট্ৰাক তিনিখন কোন প্ৰতিষ্ঠানৰ পৰা ক'লৈ গৈ আছিল সেই সন্দৰ্ভত তথ্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী । জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ PB-IIBN-5403, PB-IICM-5021, PB-IICR-8197 ৷ আনহাতো, জব্দ হোৱা ট্ৰাক তিনিখনৰ চালক যশপাল সিং ,কুলদীপ সিং,সুনীল কুমাৰক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে । কিন্তু বৃহৎপৰিমাণৰ কাঠৰ বিট ভৰ্তি ট্ৰাক তিনিখন শনিবাৰে জব্দ কৰাৰ পাচতো কিহৰ বাবে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।