অসম

assam

By

Published : May 21, 2020, 7:50 PM IST

ETV Bharat / state

চাংসাৰীত আটক তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ী

ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ দলে আটক কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক । আৰক্ষীয়ে যুৱককেইজনৰ পৰা ৩১ টা সন্দেহজনক হেৰ'ইনৰ কন্টেইনাৰৰ লগতে দুটা ম'বাইল ফোন আৰু এখন এল্ট' গাড়ী জব্দ কৰে ।

3 drugs padler arrested at Changsari
চাংসাৰীত আটক তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ী

বাইহাটা, 21 মেঃ ৰঙিয়াত আটক ড্ৰাগছ ব্যৱসায়ী । জালুকবাৰীৰ দুই ভাই-ককাই মানসজ্যোতি দাস আৰু বিক্ৰমজিৎ দাসে ৰঙিয়াৰ ধৃতিৰাজ ডেকা নামৰ যুৱক জনৰ সৈতে নিষিদ্ধ হেৰ'ইন বিক্ৰী কৰাৰ সময়তেই আটক কৰে ৰঙিয়া মহকুমা আৰক্ষীয়ে । যুৱক কেইজনে আৰক্ষীক দেখি পলায়ন কৰিছিল যদিও ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হয় যুৱক কেইজনক । যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৩১ টা সন্দেহজনক হেৰ'ইনৰ কন্টেইনাৰৰ লগতে দুটা ম'বাইল ফোন আৰু এখন এল্ট' গাড়ী জব্দ কৰে ।

চাংসাৰীত ড্ৰাগছ ব্যৱসায়ী আটক

উল্লেখ্য যে, ধৃত মানসজ্যোতি দাস আৰু বিক্ৰমজিৎ দাস দুয়ো ভাই ককায়ে ইঞ্জিনিয়াৰিং সম্পন্ন কৰিছে । ৰাজ্যত প্ৰতিদিনে সংঘটিত হোৱা এনেধৰণৰ ঘটনাই ক্ৰমে ৰাজ্যত বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ লগতে বিপথে পৰিচালিত হোৱা ৰাজ্যৰ শিক্ষিত যুৱচামৰ এক ভয়ংকৰ ছবি উদঙাই দিছে ।

লগতে পঢ়ক- তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

ABOUT THE AUTHOR

...view details