দক্ষিণ কামৰূপ, 21 জুনঃ আগন্তুক বিধানসভা নিৰ্বাচনলৈও সাজু হৈছে ৰাজনৈতিক নেতাসকল ৷ কামৰূপ জিলাৰ পলাশবাৰীতো ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷
ৰাজ্যৰ বিভিন্ন সমষ্টিৰ সমান্তৰালকৈ পলাশবাৰী সমষ্টিতো ভিতৰি ভিতৰি চলিছে নিৰ্বাচনী কুচকাৱাজ । ইতিমধ্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বতাহ বলিব আৰম্ভ হৈছে ৰাজ্যত । বৰ্তমান পলাশবাৰীত ক্ষমতাত আছে বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা । কিন্তু বৰ্তমানৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাই সমষ্টিত জনপ্ৰিয়তা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷ আজি কিছুদিনৰ সংবাদ মাধ্যমৰ লগতে বিভিন্ন সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈ আছে কোন হ'ব আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী । বৰ্তমানৰ বিধায়ক প্ৰণৱ কলিতাৰ মতে সমষ্টিবাসীয়ে কেতিয়াও সমষ্টিৰ বাহিৰৰ লোকক ভোট নিদিয়ে । বিগত তিনিটা দশকে তেওঁক পলাশবাৰীৰ ৰাইজে বিধায়ক হিচাবে নিৰ্বাচিত কৰিছে । ইতিমধ্যে সমষ্টিটোত সকলো বাট-পথকে আদি কৰি সকলো কাম শেষ কৰা বুলি সাংবাদিকৰ আগত সদৰি কৰে বিধায়কগৰাকীয়ে ৷ যাৰ বাবে এইবেলিও বিধায়ক প্ৰণৱ কলিতাই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে বুলি কয় ।