অসম

assam

ETV Bharat / state

অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক - Assam Police news

75 সংখ্যৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা ঘোষণা কৰা আৰক্ষীৰ বিশেষ পদকৰ বাবে মনোনীত হৈছে অসম আৰক্ষীৰ 18 গৰাকীকৈ জোৱান ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শনিবাৰে ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ ।

as_ghy_09_president_medals_7209925
অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

By

Published : Aug 14, 2021, 9:13 PM IST

গুৱাহাটী, 14 আগষ্ট : দেওবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ । অসমৰো বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতি বিভিন্ন শাখাৰ পদক ।

এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তালৈ । সেইদৰে গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও দুংগেল আৰু প্ৰকাশ সোণোৱালৰ লগতে মৰনোত্তৰভাৱে উপ আৰক্ষী পৰিদৰ্শক ভাস্কৰ কলিতা আৰু কনিষ্টবল দীপক বৰালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল ।

অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

আনহাতে, মেৰিট'ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক । তেওঁলোক হৈছে - আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ মেধি, অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক এ বসুমতাৰী, উপ আৰক্ষী অধীক্ষক জগদীশ কুমাৰ সিন্হা, পৰিদৰ্শক ৰঞ্জিত ৰাজখোৱা, পৰিদৰ্শক বদৰুল ইছলাম, পৰিদৰ্শক যোগেন্দ্ৰ বৰ্মন, পৰিদৰ্শক ধ্ৰুৱজ্যোতি দাস, হেড কনিষ্টবল বালা কৃষ্ণ থাপা, হেড কনিষ্টবল দীলিপ বৰুৱা, হেড কনিষ্টবল দীপেন দাস, হেড কনিষ্টবল নবীন বৰগোঁহাই, কনিষ্টবল এছ দেৱ ৰয় আৰু মহিলা কনিষ্টবল শৰ্মিলা সিং।

আনহাতে, হোম গাৰ্ড আৰু চিভিল ডিফেন্সৰ ক্ষেত্ৰত মেৰিট'ৰিয়াছ সেৱাৰ বাবে অসমৰ চুবেদাৰ মোহিনী মোহন শৰ্মা, পল্টুন কামাণ্ডাৰ গণেশ ডেকা, হাবিলদাৰ হৰেশ্বৰ বৰগোঁহাই আৰু কনিষ্টবল অসীম কুমাৰ ক'ৰলৈ হোমগাৰ্ড মেডেল আগবঢ়োৱা হৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে ৭৫ সংখ্যক ঘোষণা স্বাধীনতা দিৱস উপলক্ষে দেশৰ ১৩৮০ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক :মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক

ABOUT THE AUTHOR

...view details