অসম

assam

By

Published : Jun 4, 2020, 8:53 PM IST

ETV Bharat / state

শুৱালকুছিলৈ আহিল ভাল খবৰ

কিছুদিন আগতে শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিল ৷ চিকিৎসকজনৰ সংস্পৰ্শ লৈ অহা চিকিৎসকসহ ১৫৮ জন লোকৰ ইতিমধ্যে ছোৱাৰ পৰীক্ষাত ওলাইছে নিগেটিভ ৷

ETV BHARAT
শুৱালকুছিলৈ আহিল ভাল খবৰ

কামৰূপ, 4 জুনঃ শুৱালকুছিৰ কোৱাৰেণ্টাইনত থকা চিকিৎসকৰসহ ১৫৮ জন লোকৰ পৰীক্ষাত ওলাইছে নিগেটিভ ৷ এই তথ্য সদৰি কৰিলে কামৰূপ জিলা উপায়ুক্ত কৈলাছ কাৰ্তিক এনে ।

শুৱালকুছিলৈ আহিল ভাল খবৰ

উল্লেখযোগ্য যে,কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিল ৷ উক্ত চিকিৎসকজনৰ সৈতে আন চিকিৎসা কৰ্মীসহ সংস্পৰ্শ লৈ অহা আন বহু কেইজন লোকৰ ইতিমধ্যে ছোৱাবৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছিল। অৱশেষত শুৱালকুছিৰ কোৱাৰেণ্টাইনত থকা চিকিৎসকসহ ১৫৮ জন লোকৰ পৰীক্ষাত COVID-19 নিগেটিভ বুলি ৰিপৰ্ট ওলাইছে ৷ উক্ত খবৰটো কামৰূপ জিলাৰ উপায়ুক্ত কৈলাছ কাৰ্তিক এনে সদৰি কৰিছে । লগতে নিগেটিভ ওলোৱা লোকসকলক পুনৰ কোৱাৰেণ্টাইনত ৰখা হ'ব বুলি সদৰি কৰে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ।লগতে পঢ়ক- অৰুণাচলত বিক্ৰী কৰা কলগাছিয়াৰ ৪ শ্ৰমিকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details