সোণাপুৰ, 22 মাৰ্চঃকৰ'ণাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক স্বাস্থ্য বিভাগ ৷ Covid-19 ৰ বাবে সোণাপুৰত সাজু কৰা হৈছে প্ৰায় ১৫০ বিচনাযুক্ত ক্যুৱাৰান্টাইন ৱাৰ্ড ৷ সোমাবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীপিযুষ হাজৰিকাই আহি বুজ লয় চিকিৎসালয়খনৰ ৷ মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, যেতিয়ালৈকে এই জিলা চিকিৎসালয়ত Covid-19 ত আক্ৰান্ত এজনো ৰোগী ভৰ্তি কৰোৱা নহয় তেতিয়ালৈকে শিশু জন্ম আৰু জৰুৰীকালীন বিভাগ সেৱা চলি থাকিব ৷ আনহাতে আন চিকিৎসা সেৱাসমূহ সোণাপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু ক্ষেত্ৰীস্থিত 30 খন বিচনাযুক্ত চিকিৎসায়ত প্ৰদান কৰা হ'ব ৷
Covid-19 ৰ বাবে সোণাপুৰত সাজু কৰা হৈছে প্ৰায় ১৫০ বিচনাযুক্ত ক্যুৱাৰান্টাইন ৱাৰ্ড - ক্যুৱাৰান্টাইন ৱাৰ্ড
Covid-19 ৰ বাবে ১৫০ বিচনাযুক্ত ক্যুৱাৰান্টাইন ৱাৰ্ড সাজু কৰা হৈছে সোণাপুৰ জিলা চিকিৎসালয়ত ৷ সোমবাৰে চিকিৎসালয় খনৰ বুজ লয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই ৷
১৫০ বিচনাযুক্ত Quarantine ৱাৰ্ড