ছয়গাঁও, 24 জুলাই :চৰকাৰ তথা কৃষি বিভাগৰ হেমাহিৰ বাবে ক্ৰমাৎ জহি-খহি যোৱাৰ উপক্ৰম হৈছে ১০ কোটিটকীয়া কৃষি প্ৰকল্প ৷ এই প্ৰকল্পটো হৈছে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁৱত অৱস্থিত টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰ ৷ চৰকাৰী তথা কৃষি বিভাগৰ অৱহেলাৰ বাবে জহি খহি যাবলৈ ধৰিছে কেন্দ্ৰটোৰ গ্ৰীণ হাউছটোৰ ৷ নষ্ট হৈ গৈছে শস্যবোৰত পানী দিয়াৰ বাবে থকা পাইপ লাইনবোৰ ৷ মামৰে ধৰিছে ডিজিৰ লগতে মটৰ পাম্পবোৰ ৷ পানীৰ অভাৱত লেৰেলি শুকাই মৰহি যাবলৈ ধৰিছে নেমুটেঙা, মৌচুমী আৰু কমলা টেঙাৰ পুলি ৷
উল্লেখ্য যে, বামুণীগাঁৱত অৱস্থিত এই বৃহৎ প্ৰকল্পটোত কাম কৰিবলৈ আছে মাত্ৰ এগৰাকী ঠিকা ভিত্তিক কৰ্মচাৰী ৷ কৃষি বিভাগৰ এগৰাকী বিষয়াও আছে তদাৰকৰ দায়িত্বত ৷ কিন্ত এতিয়া যেন তাত এক মৰিশালী পৰিৱেশ ৷ হাবিয়ে জংঘলে আবৰি ধৰিছে গ্ৰীণ হাউছবোৰ ৷ টেঙা জাতীয় শস্যবোৰকো আবৰি ধৰিছে জংঘলে ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ শেষৰভাগত স্থাপন কৰা প্ৰায় ১০ কোটি টকীয়া প্ৰকল্পৰ অধীনত টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰৰ দুৰাৱস্থাৰ ছবি ৷ বিগত পাঁচ বছৰত এই কেন্দ্ৰটোৰ প্ৰতি ৰাজ্য চৰকাৰ তথা কৃষি বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখযোগ্য যে, ২০১৫ চনৰ ৯ অক্টোবৰত সেই সময়ৰ কংগ্ৰেছৰ তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰকিবুল হুছেইনে ছয়গাঁও সমষ্টিৰ এই বৃহৎ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিচত প্ৰথম বৰ্ষৰ অৰ্থাৎ ২০১৬ চনৰ ৩১ আগষ্টত উক্ত কেন্দ্ৰটো উদ্ধোধন কৰে তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব তথা কষি উৎপাদন আয়ুক্ত কমলাকান্ত মিট্টালে ৷