ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত
দেওবাৰে দিনৰ ভাগত চুচুলৰ মাল্ডোত হোৱা বৈঠক প্ৰায় 15 ঘন্টা ধৰি চলে যদিও ইয়াৰ কোনো সমাধান উলিয়াবলৈ সক্ষম নহয় ভাৰত আৰু চীনে ৷ বিগত কিছু দিন ধৰি ভাৰতীয় আৰু চীনা সৈনিকৰ মাজত অব্যাহত আছে সংঘাত ৷
কেমেৰাত বন্দী ঢেকীয়াপটীয়া বাঘৰ দৃশ্য
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত ঢেকীয়াপটীয়া বাঘৰ বিচৰণৰ বিৰল দৃশ্য বন্দী হ'ল বন বিভাগৰ কেমেৰাত ৷ সাধাৰণতে ঢেকীয়াপটীয়া বাঘ ঘন অৰণ্যত থাকে যদিও কাজিৰঙাত ঢেকীয়াপটীয়া বাঘক কেমেৰাত আৱদ্ধ কৰাটো ইমান সহজ নাছিল ইয়াৰ পূৰ্বে ৷ কিন্তু এইবাৰ কেমেৰাৰ সন্মুখত নিজে ধৰা দিলে এটা ঢেকীয়াপটীয়া বাঘে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা এই ভিডিঅ'টোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়
ডুমডুমাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় মিছলীয়া পাৰ্টী হিচাপে সমগ্ৰ ভাৰততেই জনাজাত হৈছে বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে ৷
কয়লাখনিত মৃত্যু যোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ
মেঘালয়ৰ কয়লা খনিত প্ৰাণ যোৱা চাৰিজনকৈ শ্ৰমিকৰ ৰাতাবাৰীস্থিত বাসগৃহত আজি উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ মন্ত্ৰী গৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত সকলৰ পৰিয়ালক আৰ্থিক ভাৱে সহায় কৰা হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ
30 হাজাৰৰো অধিক কৰ্মীৰ উপস্থিতিৰে আমগুৰিত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ দেওবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷