গুৱাহাটী, ৪ মাৰ্চ: সোমবাৰে মহানগৰীত চিটি বাছৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল জিলা পৰিবহণ প্ৰাধিকৰণ বিষয়া বাপন কলিতাই । শিৱৰাত্ৰীৰ দিনাখনেই ৰাজপথত শিৱৰ ৰূপ দেখোৱালে বিষয়া গৰাকীয়ে ।
মহানগৰীত এতিয়া চিটি বাছৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা - ACP পুস্কল গগৈ
চালক আৰু হেণ্ডিমেন সকলৰ লগতে যাত্ৰী সকলে মানিব লাগিব নিয়ম
অলপতে নিৰ্ধাৰণ কৰা কেইবাটাও নতুন নিয়ম উলংঘন কৰা চালক হেণ্ডিমেন তথা বাহনৰ মালিকৰ বিহিলে জৰিমনা । উল্লেখযোগ্য যে লাষ্ট গেটৰ পৰা বশিষ্ঠ মন্দিৰ সংযোগী পথৰ বেলতলা চাৰিয়ালিত ১৭খনকৈ বাহনক জৰিমনা বিহাৰ লগতে ৬ খন বাহন জব্দ কৰে ।
জিলা পৰিবহন বিষয়া গৰাকীক সহযোগ কৰে বশিষ্ঠ যান বাহন আৰক্ষী , যান বাহন আৰক্ষীৰ ACP পুস্কল গগৈ ।
এইবাৰ চালক হেণ্ডিমেন নহয় বিনা টিকটত অহা যাত্ৰীও বিহিব লাগিব জৰিমনা ।
চালকৰ অনুজ্ঞাপত্ৰ , সাজ পোছাক পৰিধান নকৰাকৈ বাহন চলোৱা সকলকো বিহিলে বহু পৰিমাণৰ জৰিমনা ।