অসম

assam

ETV Bharat / state

জুবিন গাৰ্গ বনাম পৱিত্ৰ মাৰ্ঘেৰিটা ! - কা বিৰোধী আন্দোলন

বহুদিনৰ পিছত একেলগে একেখন মঞ্চত দেখা গ’ল সাংস্কৃতিক জগতৰ সৈতে জড়িত দুই জনপ্ৰিয় ব্যক্তি পৱিত্ৰ মাৰ্ঘেৰিটা তথা শিল্পী জুবিন গাৰ্গক ৷ মঞ্চৰ পৰাই পৱিত্ৰ মাৰ্ঘেৰিটাক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰি জুবিনে কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰাৰ উল্লেখ কৰে ।

Zubin garg and pabitra margherita guwahati on a stage about CAA kamrup metro assam etv bharat news
একেখন মঞ্চত জুবিন-পৱিত্ৰ

By

Published : Feb 27, 2020, 4:57 AM IST

গুৱাহাটী,26 ফেব্ৰুৱাৰীঃ বহুদিনৰ পিছত একেলগে একেখন মঞ্চত দেখা গ’ল সাংস্কৃতিক জগতৰ সৈতে জড়িত দুই জনপ্ৰিয় ব্যক্তি পৱিত্ৰ মাৰ্ঘেৰিটা তথা শিল্পী জুবিন গাৰ্গক ৷ মঞ্চৰ পৰাই পৱিত্ৰ মাৰ্ঘেৰিটাক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰি জুবিনে কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰাৰ উল্লেখ কৰে । ইতিমধ্যে ৰাজ্যত চলি থকা দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবেহে কা বিৰোধী আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছে বুলি প্ৰকাশ কৰে শিল্পী জুবিন গাৰ্গে ৷

পবিত্ৰ মাৰ্ঘেৰিটায়ে কা সমৰ্থন কৰাৰ বিপৰীতে জুবিনে পূৰ্বৰ দৰে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰি আহিছে ৷ গুৱাহাটী মহানগৰীত বুধবাৰে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দুয়োগৰাকী ব্যক্তিয়ে কা সন্দৰ্ভত দুই মেৰুত অৱস্থান কৰা দেখা যায় ৷ লগতে অভিনেতা যতীন বৰাৰ সন্দৰ্ভত জুবিন গাৰ্গে যতীন বৰা কেতিয়াৰ পৰা প্ৰতিবাদী হ'ল বুলি তীব্ৰ কটাক্ষ কৰে ৷ শিল্পীগৰাকীয়ে নতুন ৰাজনৈতিক দল খোলাৰ প্ৰসংগত কোনো স্পষ্ট মত প্ৰকাশ কৰাৰ বিপৰীতে দল খুলিবলৈ অৰ্থৰ অভাৱ বুলি উল্লেখ কৰে ৷

একেখন মঞ্চত জুবিন-পৱিত্ৰ

ইয়াৰোপৰি,ৰেপিড’ সেৱাৰ প্ৰসংগতো মুখ খোলে শিল্পী জুবিন গাৰ্গে ৷ প্ৰশাসনে মহানগৰীত ৰেপিড’ সেৱা বন্ধ কৰি দিয়াত চালকসকলে শিল্পীগৰাকীৰ হস্তক্ষেপ বিচৰা কাৰ্যত জুবিনে এইক্ষেত্ৰত সদায় সহায় কৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে আগলৈয়ো এনেদৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ৰেপিড’ৰ বিষয়টো চৰকাৰী যদিয়ো জুবিনে সহায় আগবঢ়োৱাৰ কথা মুকলিকৈ উল্লেখ কৰে উক্ত অনুষ্ঠানত ৷

লগতে চাওকঃপোছাক বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয় !

ABOUT THE AUTHOR

...view details