গুৱাহাটী, 12চেপ্তেম্বৰ: ক'ভিড-19 ত আক্ৰান্ত হৈছে জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ ৷ শিল্পীগৰাকীৰ পিতৃৰ লগতে শাহু আৰু শহুৰো আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷ তিনিওকে বৰ্তমান আই আই টি গুৱাহাটীৰ ক'ভিড কেন্দ্ৰত ভৰ্ত্তি কৰা হৈছে ৷ জানিব পৰামতে জুবিনৰ শাহু-শহুৰ গোলাঘাটৰ পৰা মহানগৰীৰ কাহিলীপাৰালৈ আহিছিল ৷ বৰ্তমান তিনিওৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিছে ৷
ক'ভিডত আক্ৰান্ত জুবিন গাৰ্গৰ পিতৃ
ক'ভিড-19 ত আক্ৰান্ত জুবিন গাৰ্গৰ পিতৃ ৷ পিতৃৰ লগতে শাহু আৰু শহুৰো আক্ৰান্ত ক'ভিড-19 ত ৷ তিনিওকে আই আই টি গুৱাহাটীৰ ক'ভিড কেন্দ্ৰত ভৰ্ত্তি ৷
কভিড-19 ত আক্ৰান্ত জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ