গুৱাহাটী,28 ডিচেম্বৰ: মহামাৰী কৰ'ণা আৰু কৰ্কট ৰোগৰ সজাগতাৰ হকে ক্ৰিকেট পীটছত নামিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। সোমবাৰে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট খেল। য'ত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান সঞ্চালক একাদশ মুখামুখি হ'ব জুবিন আৰ্টিষ্ট একাদশৰ মাজত। বন্ধুত্বপূৰ্ণ এই খেলখনৰ উদ্দেশ্যে হৈছে কৰ'ণা অতিমাৰীৰ ক্ষেত্ৰত জনতাৰ মাজত সজাগতা সৃষ্টি কৰা।
কৰ'ণা-কৰ্কট ৰোগৰ সজাগতাৰ বাবে ক্ৰিকেট পীটছত নামিব জুবিন গাৰ্গ - Zubeen Gurg organised a Cricket match
ফুটবলৰ পাচত এইবাৰ ক্ৰিকেট পীটছত নামিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷ দেশ তথা ৰাজ্যত ত্ৰাস চলোৱা মহামাৰী কৰ'ণা আৰু কৰ্কট ৰোগৰ সজাগতাৰ হকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট খেল।

কৰ'ণা-কৰ্কট ৰোগৰ সজাগতাৰ বাবে ক্ৰিকেট পীটছত নামিব জুবিন গাৰ্গ
ইফালে এই প্ৰদৰ্শনীমূলক খেলখনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এনেধৰণে সজাগতা সৃষ্টিৰ হকে ফুটবল খেলত অংশগ্ৰহণ কৰিছে জুবিন গাৰ্গে। কিন্তু এইবাৰ ক্ৰিকেট খেল খেলি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস শিল্পী জুবিন গাৰ্গৰ।
লগতে পঢ়ক:পাকিস্তানৰ ড্ৰোণ ৰোধ কৰিবলৈ প্ৰস্তুত ৰেডিঅ' কম্পনাংকৰ সফল পৰীক্ষণ
Last Updated : Dec 28, 2020, 7:10 AM IST