গুৱাহাটী,২১ জুলাই: অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত বুধবাৰে ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে (Zubeen Garg’s condition improves)। এই কথা জনালে আয়ুৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই । এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনাই যে, বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে । ৰক্তচাপ নিয়ন্ত্ৰণত আছে । বুধবাৰে ছ'ডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে । নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গ ভালদৰে শুইছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
ইতিমধ্যে তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট আহিছে আৰু চিকিৎসকে সেই অনুসৰি চিকিৎসা প্ৰক্ৰিয়া চলাই আছে (Zubeen Garg health updates)। আজি মগজুৰ এম আৰ আই কৰা হৈছে । এম আৰ আই ৰিপ’ৰ্ট প্ৰাৰম্ভিক অৱস্থাত আছে যদিও কেইবাটাও দিশ চাবলগা হোৱাৰ বাবে ৰিপ’ৰ্ট সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কিছু সময় লাগিব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে । এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিন গাৰ্গক দুই-এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই ।