অসম

assam

By

Published : Aug 4, 2020, 8:40 PM IST

ETV Bharat / state

অসম পশুধন নিগমত কি কৰিছে জুবিন গাৰ্গে ?

পশুধন নিগমত শিল্পী জুবিন গাৰ্গ ৷ পথাৰো আমাৰ ,বজাৰো আমাৰ শীৰ্ষক আন্দোলনত নামি পৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷

Zubeen Garg visited Assam Livestock And Poultry Corporation
অসম পশুধন নিগমত কি কৰিছে জুবিন গাৰ্গে ?

গুৱাহাটী,4আগষ্টঃ মঙলবাৰে অসম পশুধন নিগমত উপস্থিত হয় জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷ যুৱ প্ৰজন্মক কৰ্মশীল কৰাৰ মানসেৰে 'পথাৰো আমাৰ , বজাৰো আমাৰ ' শীৰ্ষক আন্দোলনত নামি পৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৷

অসম পশুধন নিগমত কি কৰিছে জুবিন গাৰ্গে ?

দিন বাগৰাৰ লগে-লগে ক্ৰমাৎ যেন তীব্ৰতৰ হৈছে" আত্মনিৰ্ভৰ অসমৰ" অভিযান। ইতিমধ্যে কেৱল গুৱাহাটী মহানগৰীতে ৮ শতাধিক যুৱক যুৱতী জড়িত হৈ পৰিছে এই অভিযানত। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এনেদৰে আগবাঢ়ি আহিছে বহুজন ।

আত্মনিৰ্ভৰ অসম অভিযানত অসমৰ বিভিন্ন শিল্পীৰ অংশগ্ৰহণ

এই কাৰ্যসূচীত শেহতীয়াকৈ অংশ লৈছিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সমাজ সেৱক শ্যামকানু মহন্ত আৰু কেইবাজনো সংস্কৃতিৱান ব্যক্তিয়ে । এনে সময়ত কেনেদৰে আত্মনিৰ্ভৰ হ'ব পাৰি তাৰ বাবেই কিছু গঠনাত্মক আলোচনাৰ বাবেই মঙলবাৰে অসম পশুধন নিগমলৈ আহে জুবিন গাৰ্গ ৷ য'ত তেওঁ কেনে ধৰণৰ কৰ্মৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্ম আত্মনিৰ্ভৰ হ'ব পাৰিব সেই সন্দৰ্ভত বুজ লয় ৷

লগতে পঢ়কঃকিশোৰ কুমাৰৰ 91 সংখ্যক জন্মদিন বিশেষ

ABOUT THE AUTHOR

...view details