অসম

assam

লণ্ডনত চলি আছে চিকাৰৰ শ্বুটিং, লণ্ডনৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 4:42 PM IST

২০২৪ বৰ্ষত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অভিনীত "চিকাৰ" । এতিয়া লণ্ডনত "চিকাৰ"ৰ শ্বুটিঙত ব্যস্ত এদল অসমীয়া কলা-কুশলী ।

Zubeen Garg starrer film Sikar shooting going on London
অসমীয়া ছবি চিকাৰৰ চলি আছে লণ্ডনত শ্বুটিং

গুৱাহাটী, ১৯ নৱেম্বৰ: দীঘলীয়া হৈ পৰিছে ২০২৪ বৰ্ষত মুক্তি পাবলগীয়া অসমীয়া ছবিৰ তালিকাখন । ২০২৪ বৰ্ষত মুক্তিৰ বাবে সাজু হৈছে বহু কেইখন অসমীয়া ছবি । প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে । তাৰেই মাজত আহিবলগীয়া অন্যতম এখন প্ৰত্যাশিত ছবি হৈছে "চিকাৰ"।

চিকাৰ ছবিখনৰ শ্বুটিঙত ইতিমধ্যে ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গকে ধৰি কলা-কুশলীসকল । বৰ্তমান লণ্ডনত চলি আছে ছবিখনৰ শ্বুটিঙৰ কাম । অসমত শ্বুটিং সম্পন্ন হোৱা ছবিখনৰ ৭০ শতাংশ শ্বুটিং হ’বলগীয়া আছিল লণ্ডনত । কিছুদিন পূৰ্বে অসমৰ ডিব্ৰুগড় মৰাণৰ খোৱাং চাহ বাগিচাত দৃশ্যগ্ৰহণ হৈছিল "চিকাৰ" ছবিখনৰ ৷ ৰোমাঞ্চ, একচন, থ্ৰীলাৰ ভৰ্তি ছবিখনৰ কাহিনী চাহ বাগিচাৰ এজন যুৱকৰ আধাৰত নিৰ্মিত ।

ইফালে অসমত শ্বুটিং সামৰি লণ্ডনত বাকী ৭০ শতাংশৰ কামত ব্যস্ত এতিয়া অভিনেতা সিদ্ধাৰ্থ শৰ্মাকে ধৰি ছবিখনৰ সৈতে জড়িত আন কলা-কুশলীসকল । সিদ্ধাৰ্থ শৰ্মাই অলপতে লণ্ডনৰ পৰা আপলোড কৰা এটা ভিডিঅ’ ভাইৰেল হৈছিল, আমি সকলোৱে দেখিছোঁ অভিনেতা সিদ্ধাৰ্থ শৰ্মাই "কেকে" চৰিত্ৰটোৰ জৰিয়তে খুহুতীয়া ইংৰাজী কৈ কিমান দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে ! ঠিক তেনে ইংৰাজীতেই চিনেমেট’গ্ৰাফাৰৰ লগত কৰা কথোপকথনৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত তেওঁ প্ৰচাৰ কৰে । "কেকে" চৰিত্ৰটোক যেন আকৌ এবাৰ জীয়াবলৈ বিচাৰিলে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই ।

লগতে পঢ়ক:Assamese feature film : ছবিজগতত এইবাৰ চিকাৰ কৰিব জুবিন গাৰ্গে

বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মিত "চিকাৰ" ৰ প্ৰযোজনা কৰিছে ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যই । ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় সম্পাদক দেবাংকৰ বৰগোঁহাই । লগতে, চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ । ছবিখনত কাৰ্যবাহী প্ৰযোজক হিচাপে আছে প্ৰণৱ লহকৰ আৰু ছেম ভট্টাচাৰ্যী ৷ মিত্ৰ ভট্টাচাৰ্য, বিষ্ণুজ্যোতি সন্দিকৈ আৰু লুক হেথাৰিংটনে কৰিছে চিত্ৰনাট্যৰ কাম ।

ইফালে ছবিখনত কষ্টিম ডিজাইন গৰিমা গাৰ্গ শইকীয়াৰ । ছবিখনত অসমৰ লগতে বলিউড আৰু হলিউডৰ কেইবাগৰাকীও অভিনেতাই অভিনয় কৰিছে ছবিখনত ৷ উল্লেখযোগ্য যে ছবিখনৰ শ্বুটিঙৰ কাৰণে জুবিন গাৰ্গো লণ্ডনলৈ যোৱাৰ কথা আছিল কিন্তু তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকে পৰামৰ্শ নিদিলে ।

লগতে পঢ়ক:Zubeen Garg Jhumur dance: মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details