গুৱাহাটী,17 নৱেম্বৰঃ ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে। কন্ঠশিল্পী গৰাকীয়ে কয়,"সাংবাদিকসকলৰ দায়িত্ব অনেক,তেওঁলোকে সমাজৰ বাবে বহু কাম কৰিছে । সাংবাদিকক আক্ৰমণৰ ঘটনা অতি দুৰ্ভাগ্যজনক।" লগতে সাংবাদিকৰ সমৰ্থনত প্ৰতিটো মূহুৰ্ততে তেখেত থাকিব বুলি মন্তব্য প্ৰকাশ কৰে কন্ঠশিল্পী গৰাকীয়ে ৷
সাংবাদিক নিগ্ৰহ সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ? - সাংবাদিক নিগ্ৰহক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া
ৰাজ্যত সংঘটিত সাংবাদিক নিগ্ৰহ সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে। সাংবাদিক আক্ৰমণৰ এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি আক্ৰমণকাৰীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দুয়োগৰাকীয়ে ৷
![সাংবাদিক নিগ্ৰহ সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ? as_ghy_01_zubeen_reaction_on_journalist_attack_vis_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9574648-thumbnail-3x2-g.jpg)
ৰাজ্যত সংঘটিত সাংবাদিক নিগ্ৰহ সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে?
ৰাজ্যত সংঘটিত সাংবাদিক নিগ্ৰহ সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া
আনহাতে সাংবাদিকক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে গৰিমাই । দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ এটা শক্তি সদায়ে লাগি থাকে বুলি কয় গৰিমা শইকীয়া গাৰ্গে । সমাজৰ এনে অপশক্তি নিৰ্মূল কৰিবলৈ হ'লে সকলো একগোট হ'ব লাগিব বুলিও কয় গৰিমা শইকীয়া গাৰ্গে।