অসম

assam

ETV Bharat / state

CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ - যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

CAA ক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ ৷ পুনৰ আন্দোলনৰ হুংকাৰ শিল্পী গৰাকীৰ ৷ অসমত অৰ্থনৈতিক বিপ্লৱ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শিল্পী গৰাকীয়ে ৷ কা আৰু অসমত অৰ্থনৈতিক বিপ্লৱ অনাক লৈ শিল্পী গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

zubeen garg on caa
CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ

By

Published : Dec 11, 2020, 8:28 AM IST

গুৱাহাটী, 10 ডিচেম্বৰ: "মই মোৰ স্থিতিত অবিচল আছো ৷ মই কেতিয়াও কথা সলনি নকৰো ৷ কা যদি বলবৎ হয় , আকৌ যুদ্ধ কৰিম আৰু প্ৰথম মানুহটো মইয়ে ওলাম ৷" নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আকৌ এক সৰৱ ভূমিকা গ্ৰহণ কৰি এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৷

CAA লৈ পূৰ্বৰ স্থিতিত অটল থকাৰ কথা ঘোষণা জুবিন গাৰ্গৰ

নাগৰিকত্ব সংশোধনী আইন বলবৎ হ'লে 2021 ৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি জুবিনে কয় যে ছাত্ৰ সমাজৰ আন্দোলনৰ প্ৰতি তেওঁৰ সমৰ্থন আছে আৰু এই আন্দোলন কেনেকৈ আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত অতি সোনকালে ছাত্ৰ সমাজ তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব ৷

কা যাতে বলবৎ নহয় তাৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰক পুনৰবাৰ বিবেচনা কৰি চাবৰ বাবে আহ্বান জনাই জুবিনে কয় যে এইবাৰৰ প্ৰতিবাদ অলপ ব্যতিক্ৰম হ'ব ৷ শিল্পী গৰাকীয়ে কয়, ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বেছিকৈ জনসমাগম যাতে নহয় তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগিব ৷ ৰাস্তাত গৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিৱৰ্তে সকলোকে অন্য মাধ্যমৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনাই ৷

অসমত অৰ্থনৈতিক বিপ্লৱ অনাৰ বাবে আহ্বান শিল্পী গৰাকীৰ

অসমত অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ উল্লেখ কৰে যে অনাগত বৰ্ষত অসমে অন্য এক বিপ্লৱ প্ৰত্যক্ষ কৰিব ৷ সেই উদ্দেশ্যেৰে বৰ্তমান পথাৰ আমাৰ বজাৰ আমাৰ শীৰ্ষক লক্ষ্য আগত ৰাখি অসমৰ গাঁৱে ভূঞে যুৱপ্ৰজন্মক কৃষিকৰ্মত নিয়োগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দি জুবিনে লগতে কয় যে, অতি সম্প্ৰতি ক'ৰণাই সকলোকে বহুত কথা শিকাই থৈ গ'ল ৷ সেয়ে এই শিক্ষাক সকৰাত্মক দিশেৰে লৈ সকলোৱে ব্যতিক্ৰমী চিন্তাধাৰাৰে আগবাঢ়িব লাগে ৷

লগতে পঢ়ক:শুকুৰবাৰে চিকিৎসক সকলক কৰ্মবিৰতি পালনৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ

ABOUT THE AUTHOR

...view details