গুৱাহাটী,2 মাৰ্চঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে অসমীয়াৰ চকুৰ মণি জুবিন গাৰ্গ ৷ সোমবাৰে জুবিনে ধুনীয়াকৈ কথা পাতিব পাৰিছে, সুন্দৰকৈ গ্ৰহণ কৰিছে পুৱাৰ আহাৰ ৷ চিকিৎসালয়ৰ কোঠাত হেডফোনত শুনি আছে নিজৰ পচন্দৰ গীত, চাইছে চিনেমা ৷ লগতে পঢ়ি আছে পছন্দৰ কিতাপ ৷
চিকিৎসালয়ৰ কোঠাত নিজৰ পছন্দৰ গান শুনি কটাইছে জুবিনে - জুবিন গাৰ্গৰ স্বাস্থ্য
জুবিনে ধুনীয়াকৈ কথা পাতিছে আৰু সুন্দৰকৈ গ্ৰহণ কৰিছে পুৱাৰ আহাৰ ৷ চিকিৎসালয়ৰ কোঠাত হেডফোনত শুনি আছে নিজৰ পচন্দৰ গীত, চাইছে চিনেমা ৷ লগতে পঢ়ি আছে পচন্দৰ কিতাপ ৷
জুবিনক দুই এদিনৰ ভিতৰত অব্যাহতি দিয়া হ'ব চিকিৎসালয়ৰ পৰা ৷ জুবিনক অব্যাহতি দিয়াৰ সম্পৰ্কত আজি বিয়লি বিশেষজ্ঞ চিকিৎসকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব ৷ আই চি ইউৰ পৰা পোনে পোনে ঘৰলৈ নিয়া হব জুবিনক ৷ বৰ্তমান কেৱল জিৰণি ল'বৰ বাবেহে চিকিৎসালয়ত ৰখা হৈছে জুবিনক ৷ ইফালে জুবিনৰ কোঠালৈ যাতে কোনো লোকে ম'বাইল নিব নোৱাৰে, তাৰ বাবে অনুৰাগী সকললৈ বিশেষ আহ্বান চিকিৎসকৰ ৷ স্বাস্থ্যৰ বাবে জুবিনে সলনি কৰিব লাগিব জীৱন শৈলী ৷ শীঘ্ৰে জুবিনক চিকিৎসকে নতুন জীৱন শৈলীপ্ৰদান কৰিব বুলি জনাইছে ডঃ হিতেশ বৰুৱাই ৷