নিউজ ডেস্ক, 20 জুলাই :জুবিন গাৰ্গ চিকিৎসাধীন(Zubeen Garg Hospitalized) ৷ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বাথৰূমত পিছল খাই পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছে কন্ঠশিল্পীগৰাকীয়ে ৷ লগে লগে তেওঁক ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ'ৰ্টত বাহৰ পাতি আছিল জুবিন গাৰ্গ ৷ বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত শিল্পীগৰাকীৰ চিকিৎসা চলি আছে ৷ মূৰত পাঁচটাকৈ চিলাই পৰা জুবিন গাৰ্গক সম্প্ৰতি ICUত ৰখা হৈছে ৷
অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনপ্ৰিয় কন্ঠশিল্পীগৰাকী বৰ্তমান বিপদমুক্ত বুলি প্ৰকাশ কৰিছে ৷ আনহাতে সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকী এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷