গুৱাহাটী,16 জানুৱাৰীঃৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সমান্তৰালকৈ বিভিন্ন দিৱস উদযাপন কৰিছে অসমীয়া ৰাইজে ৷ সকলো শিল্পী সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 17 জানুৱাৰীত দৰঙৰ চিপাঝাৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ'ব শিল্পী দিৱস ৷ সকলো জনতাক এই শিল্পী দিৱসত উপস্থিত থাকিবলৈ আহ্বান জুবিন গাৰ্গৰ ৷ শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক সুঁৱৰি তেখেতৰ আশীষ লৈ 'কা' বিৰোধী প্ৰতিবাদ পুনৰ তীব্ৰ গতিত চলাই যাম বুলি কোৱাৰ লগতে এইবাৰৰ শিল্পী দিৱস কিছু ব্যতিক্ৰম হ'ব বুলি জনালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷
দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱসঃ জুবিন গাৰ্গ - দৰঙৰ চিপাঝাৰ
দৰঙৰ চিপাঝাৰত প্ৰথমবাৰৰ বাবে এক ব্যতিক্ৰম ৰূপত উদযাপন হ'ব শিল্পী দিৱস ৷ সাধাৰণ ৰাইজক শিল্পী দিৱসত উপস্থিত থাকিবলৈ আহ্বান জুবিন গাৰ্গৰ ৷
![দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱসঃ জুবিন গাৰ্গ zubeen garg byte on shilpi divas](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5732044-thumbnail-3x2-a.jpg)
দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱসঃ
দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱস