অসম

assam

ETV Bharat / state

কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

6 ডিচেম্বৰ অৰ্থাৎ কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কটনিয়ানসকলে । কটনিয়ানসকলৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

জুবিন গাৰ্গ
কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

By

Published : Dec 5, 2019, 12:09 PM IST

Updated : Dec 5, 2019, 1:06 PM IST

গুৱাহাটী, 5 ডিচেম্বৰঃ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ অসমৰ জাতীয় দল-সংগঠন,ছাত্ৰ সংগঠন,ছাত্ৰ সমাজ,বুদ্ধিজীৱিকে আদি কৰি সকলো ওলাই আহিছে বিধেয়কৰ বিৰুদ্ধে ৷

কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ সাজু হৈছে ৰণহুংকাৰৰ বাবে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৰণহুংকাৰ নামৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । 6 ডিচেম্বৰ অৰ্থাৎ কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কটনিয়ানসকলে। কটনিয়ানসকলৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে ৷ লগতে ৰণহুংকাৰ প্ৰতিবাদলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনাই জুবিন গাৰ্গে।

আনহাতে,অসমত হিন্দু বাঙালী মুছলমান লৈ চলা ৰাজনীতি কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি স্পষ্ট ভাষাৰে জানিবলৈ দিছে জুবিন গাৰ্গে ।

আৰু পঢ়কঃ টীয়কত বন্য হস্তীৰ ত্ৰাস

Last Updated : Dec 5, 2019, 1:06 PM IST

ABOUT THE AUTHOR

...view details