গুৱাহাটী, 28 জুলাই:অসমৰ ছজনকৈ আৰক্ষীৰ জোৱানক গুলিয়াই হত্যা কৰা মিজোৰাম আৰক্ষীৰ প্ৰকৃত স্বৰূপ দিল্লীত ওলাই পৰাৰ ভয়ত কৌশলেৰে ত্ৰিপাক্ষিক বৈঠকলৈ নগ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা । বুধবাৰে পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল । যিখন বৈঠকলৈ দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক মাতি নিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।
এই বৈঠকৰ পিছতে বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ এখন জৰুৰী ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰে । এই বৈঠকত উপস্থিত থাকিবলৈ জৰুৰীভাৱে তলব কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগাক । কিন্তু চতুৰ জ’ৰামথাংগাই দিল্লীক জনাই যে, সম্প্ৰতি তেওঁৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰাৰ বাবেই আইশ্ব'লেছনত থকাৰ হেতুকে কাইলৈৰ ত্ৰিপাক্ষিক বৈঠকত তেওঁ উপস্থিত থাকিব নোৱাৰিব ।