গুজৰাটৰ সিংহই শোভা বৰ্ধন কৰিব ৰাজ্যিক চিৰিয়াখানা - গুজৰাট
এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানালৈ আহি বিমুখ হ’ব নালাগে পৰ্যটক
গুৱাহাটী, 16 জুলাইঃ চিৰিয়াখানাৰ পৰ্যটকৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানালৈ আহি বিমুখ হ’ব নালাগে পৰ্যটক ৷ কিয়নো অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছে নতুন আলহী ৷ কিছুদিন পূৰ্বে কাণপুৰৰ পৰা চিৰিয়াখানালৈ কেইবাটাও জন্তু অনাৰ পিছত সোমবাৰে গুজৰাটৰ চিৰিয়াখানাৰ পৰা অনা দুটা সিংহই শোভাবৰ্ধন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ । জীৱ জন্তু বিনিময় ব্যৱস্থাৰ মাজেৰে দুয়োখন চিৰিয়াখানাৰ মাজত সম্পন্ন হয় আদান প্ৰদান প্ৰক্ৰিয়া ৷ সেই অনুসৰি অসমৰ পৰা গুজৰাটলৈ প্ৰেৰণ কৰা হয় দুটাকৈ ক'লা ভালুক ৷ পূৰ্বৰে পৰা চিৰিয়াখানাত থকা অন্য দুটা সিংহৰ সৈতে ৰাজ্যিক চিৰিয়াখানাত মুঠ সিংহৰ সংখ্যা চাৰিটা ৷